ETV Bharat / state

চৰকাৰৰ বাজেটৰ মিথ্যাচাৰক লৈ পুনৰ সৰৱ ৰিপুণ বৰা - Ripun Bora

বুধবাৰে মহানগৰীত সংবাদমেল সম্বোধন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিল এই সংবাদমেল ৷

Press meet of Ripun Bora assam etv bharat news
ৰিপুণ বৰাৰ সংবাদমেল
author img

By

Published : Dec 30, 2020, 5:34 PM IST

Updated : Dec 30, 2020, 6:04 PM IST

গুৱাহাটী,30 ডিচেম্বৰ: ৰাজ্য চৰকাৰে বিগত বছৰ কেইটাত দাখিল কৰা বাজেটসমূহৰ প্ৰতিখনেই আছিল মিথ্যাচাৰৰ দলিল ৷ আজি পুনৰবাৰ এই অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত বুধবাৰে এখন সংবাদমেলত ভাগ লৈ বৰাই কয় যে, 2019-20 বৰ্ষৰ বাজেটত চৰকাৰে অৰুন্ধতী আঁচনি ঘোষণা কৰিছিল । এই আঁচনিৰ বাবে 1,121 টা নৱ-দম্পতীয়ে বিবাহ পঞ্জীয়ন কৰাৰ পিছতো চৰকাৰে মাত্ৰ 587 টা দম্পতীকহে বিবেচিত কৰিলে । হোষ্টেলত বাস কৰি থকা প্ৰতিজন আৱাসীক মাহে 700 টকাকৈ বছৰি 10 মাহৰ মাচুল ৰেহাই দিয়াৰ কথা চৰকাৰে বাজেটত ঘোষণা কৰিছিল । কিন্তু দুই-এগৰাকী শিক্ষাৰ্থীৰ বাহিৰে কোনেও এই ধন লাভ নকৰিলে ।

ৰিপুণ বৰাৰ সংবাদমেল

একেদৰে ভ্ৰাম্যমান থিয়েটাৰত কমেও 5 বছৰ কটোৱা শিল্পী, কলা-কুশলীলৈ 50 হাজাৰ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছিল এই বাজেটত । এই ধনো সম্পূৰ্ণৰূপে আজিকোপতি চৰকাৰে মুকলি কৰি নিদিলে । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয় যে, অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ সামাজিক-অৰ্থনৈতিক অৱস্থাৰ মূল্যায়নৰ বাবে জৰীপ চলোৱা হ’ব বুলিও বাজেটত চৰকাৰে ঘোষণা কৰিছিল । সেই ঘোষণা অসাৰ প্ৰতিপন্ন হ'ল । গুৱাহাটীৰ কাষতে এটা ধান গৱেষণা কেন্দ্ৰ স্থাপনৰো ঘোষণা কৰা হৈছিল ৷ কিন্তু সেয়াও কেৱল ঘোষণা হৈয়েই থাকিল ।

চৰকাৰৰ বাজেটৰ মিথ্যাচাৰক লৈ পুনৰ সৰৱ ৰিপুণ বৰা

বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে চাহ বাগিচা ধন পুৰস্কাৰ মেলা আঁচনিৰ জৰিয়তে প্ৰত্যেকৰে বেংক একাউণ্টত 2,500 টকাকৈ জমা দিয়া হ’ব । কিন্তু ইয়ো কেৱল প্ৰতিশ্ৰুতি হৈয়েই থাকিল । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিগত বৰ্ষৰ বাজেটত চৰকাৰে দিয়া 24 টা প্ৰতিশ্ৰুতিৰ মিথ্যাচাৰ সম্পৰ্কে সংবাদমেলত উল্লেখ কৰে ।

লগতে চাওকঃ অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে

Last Updated : Dec 30, 2020, 6:04 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.