ETV Bharat / state

হাজো আৰু চাবুৱাৰ ঘটনাক গুৰুত্বসহকাৰে লৈছে আৰক্ষীয়ে

author img

By

Published : May 25, 2020, 9:25 PM IST

হাজো আৰু চাবুৱাৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিব বিচৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ৷ যোৱা তিনিটাকৈ দিনত ৰাজ্যত সংঘটিত হোৱা দুটাকৈ ঘটনাক লৈ একাংশ লোকে ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰি থকাৰ পৰিপ্ৰেক্ষিতত আজি এক সংবাদমেল যোগে এই মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

Press Meet By DGP Bhaskar jyoti mahanta
হত্যাকাণ্ডৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিব বিচৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা:আৰক্ষী সঞ্চালকপ্ৰধান

গুৱাহাটী, 25মে': হাজো আৰু চাবুৱাৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিব বিচৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ৷ যোৱা তিনিটাকৈ দিনত ৰাজ্যত সংঘটিত হোৱা দুটাকৈ ঘটনাক লৈ একাংশ লোকে ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰি থকাৰ পৰিপ্ৰেক্ষিতত আজি এক সংবাদমেল যোগে এই মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

ইতিমধ্যে এটা অসমীয়া ৱেব প'ৰ্টেলৰ বিৰুদ্ধে হত্যাকাণ্ডৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ বাবে চিআইডিত গোচৰ ৰুজু কৰা হৈছে ৷ ইপিনে হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত সঞ্চালকপ্ৰধানগৰাকীয়ে হত্যাকাণ্ডৰ লগত জড়িত ফাইজুৰ হক ওৰফে দালি আৰু ইউছুফ উদ্দিন আহমেদ নামৰ দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ কথা সাংবাদিকক জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰিও যি তিনিজনৰ নাম সাঙুৰ খাইছে সেই তিনিজনৰ ভিতৰত এজন দোষী নহয় বুলি মন্তব্য কৰি আন দুজনক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলিও সংবাদমেলত মন্তব্য কৰে ডিজিপিগৰাকীয়ে ৷

ডিব্ৰুগড়ৰ চাবুৱাৰ কয়লাবাৰীত দুটা যুৱকৰ দলৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ ফলত পৰাগজ্যোতি নেওগ নামৰ এজন যুৱকৰ মৃত্যু হৈছিল ৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত থকাৰ কথা জানিবলৈ দিয়ে ৷ আনহাতে, সংবাদমেলত ডিজিপিগৰাকীয়ে ভুক্তভোগী দুয়োটা পৰিয়ালকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2 লাখ টকাকৈ প্ৰদান কৰিব বুলি সাংবাদিকক অৱগত কৰে ৷

লগতে পঢ়কঃকোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে যুগ্ম জীৱনৰ পাতনি মেলিলে দৰা-কইনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.