ETV Bharat / state

GIFF 2022: পঞ্চদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন - Film director Ashoka Hondagama

অহা ২৩ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব পঞ্চদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ । সপ্তাহজোৰা এই মহোৎসৱত দেশ-বিদেশৰ ২১ খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব । এই কথা সদৰী কৰে গুৱাহাটী চিনে ক্লাবৰ সম্পাদক মাধুৰিমা বৰুৱাই (Press conference of Guwahati Cine Club)।

Guwahati Cine Club
আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ
author img

By

Published : Dec 21, 2022, 6:24 PM IST

আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটী, ২১ ডিচেম্বৰ: গুৱাহাটী চিনে ক্লাবৰ উদ্যোগত আয়োজন কৰা হৈছে পঞ্চদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ (15th Guwahati International Film Festival) । অহা ২৩ ডিচেম্বৰৰ পৰা এই চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ'ব । ২৯ ডিচেম্বৰলৈকে চলিব পঞ্চদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ । উল্লেখ্য় যে সপ্তাহজোৰা এই মহোৎসৱত দেশ-বিদেশৰ ২১ খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব ।

গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে গুৱাহাটী চিনে ক্লাবৰ সম্পাদক মাধুৰিমা বৰুৱাই (Press conference of Guwahati Cine Club)। তেওঁ উল্লেখ কৰা মতে,উদ্বোধনী চলচ্চিত্ৰ হিচাপে প্ৰদৰ্শিত হ'ব ৰীমা বৰা পৰিচালিত "নৈ" (Rima Bora directed Nai)। আনহাতে, শ্ৰীলংকাৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অশোকা হনডাগামাৰ চলচ্চিত্ৰও প্ৰদৰ্শন কৰা হ'ব (Film director Ashoka Hondagama)।

গুৱাহাটী চিনে ক্লাবৰ সম্পাদকগৰাকীয়ে পুনৰ উল্লেখ কৰা মতে, উক্ত চলচ্চিত্ৰ মহোৎসৱত শ্ৰীলংকাৰ উপৰি ব্ৰাজিল,ইজিপ্ত,পৰ্তুগাল,নেপাল, বাংলাদেশ, ইকুয়েডৰ, মৰক্কো , কাজাকিস্তানৰ লগতে ভাৰতৰ কান্নাড়া,হিন্দী ,মণিপুৰী আৰু বাংলা চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব । অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য় এই মহোৎসৱত ৯ খন অন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ,৮ খন ভাৰতৰ বিভিন্ন ঠাইৰ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ প্ৰদৰ্শন হ'ব (Kanaklal Barua Auditorium of Assam State Museum) ।

পঞ্চদশ আন্ত:ৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক,চিত্ৰশিল্পী, গুৱাহাটী চিনে ক্লাৱৰ সদস্য প্ৰয়াত পুলক গগৈৰ স্মৃতিত উছৰ্গা কৰা হ'ব । এইগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, চিত্ৰশিল্পীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ জনপ্ৰিয় ছবি "শ্ৰীমতী মহিমাময়ী" প্ৰদৰ্শন কৰা হ'ব বুলি কয় গুৱাহাটী চিনে ক্লাবৰ সম্পাদক মাধুৰিমা বৰুৱাই ।

লগতে পঢ়ক:Assam Assembly Winter Session : অসমৰ ভূমি ৰক্ষা কৰিবলৈ গৈ বহিষ্কাৰ হ'লোঁ, অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.