ETV Bharat / state

প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী প্ৰমোদ শৰ্মাই দায়িত্ব ল'লে চিৰিয়াখানাৰ ৭ টাকৈ ঘোঙৰ

author img

By

Published : Jun 12, 2020, 7:10 PM IST

জীৱ-জন্তুৰ পোহপালৰ বাবে আগবাঢ়ি আহিল মহানগৰীৰ প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী প্ৰমোদ শৰ্মা ৷ জানিব পৰা মতে,প্ৰমোদ শৰ্মাই তিনি বছৰৰ বাবে চিৰিয়াখানাৰ ৭ টাকৈ ঘোঙৰ দায়িত্ব লৈছে। অহা 3 বছৰ পৰ্যন্ত প্ৰমোদ শৰ্মাই ঘোং কেইটাৰ বাবে বছৰি ৩ লাখ ৫০ হাজাৰ টকা খৰচ কৰিব। য'ত থাকিব ঘোং কেইটাৰ খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি সকলো খৰচ ৷

Pramod Sharma, proprietor of Pratiksha Hospital, took charge of the zoo's 7 animal
প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী প্ৰমোদ শৰ্মাই দায়িত্ব ল'লে চিৰিয়াখানাৰ ৭ টাকৈ ঘোংৰ

গুৱাহাটী, 12 জুনঃ বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে দেশত যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা লক ডাউনৰ ফলত দেশৰ প্ৰতিটো স্তৰ বন্ধ হৈ পৰিছিল ৷ ইয়াৰ সমান্তৰালভাৱে লক ডাউন শিথিল হোৱাৰ পিছতো বন্ধ হৈ আছে পৰ্যটনস্থলী সমূহ ৷ ৰাজ্যৰ পৰ্যটনস্থলী সমূহৰ ভিতৰত উল্লেখযোগ্য গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা ৷ লক ডাউনৰ আৰম্ভণিৰ পৰাই বৰ্তমানলৈকে বন্ধ হৈ আছে অসম ৰাজ্যিক চিৰিয়াখানা ৷ প্ৰতিদিনে চিৰিয়াখানাৰ জীৱ-জন্তু সমূহ চাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সমগ্ৰ দেশৰ পৰা আহে হাজাৰ হাজাৰ পৰ্যটক । এই পৰ্যটক সকলৰ পৰা চিৰিয়াখানাই এক বৃহৎ অংশৰ ৰাজহ সংগ্ৰহ কৰি জীৱ-জন্তু সমূহক পোহপাল দিয়ে । কিন্তু বিগত সময়ত লক ডাউনৰ ফলত চিৰিয়াখানা বন্ধ হৈ থকাৰ বাবে চিৰিয়াখানাই হেৰুৱাইছে এই বৃহৎ অংশৰ ৰাজহ। যাৰ ফলত চৰকাৰী ধনেৰে চলিছে চিৰিয়াখানাৰ জীৱ-জন্তু সমূহৰ পোহপাল। তেনে সময়তে জীৱ-জন্তুৰ পোহপালৰ বাবে আগবাঢ়ি আহিল মহানগৰীৰ প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী প্ৰমোদ শৰ্মা ৷

প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী প্ৰমোদ শৰ্মাই দায়িত্ব ল'লে চিৰিয়াখানাৰ ৭ টাকৈ ঘোঙৰ

জানিব পৰা মতে,প্ৰমোদ শৰ্মাই তিনি বছৰৰ বাবে চিৰিয়াখানাৰ ৭ টাকৈ ঘোঙৰ দায়িত্ব লৈছে। অহা 3 বছৰ পৰ্যন্ত প্ৰমোদ শৰ্মাই ঘোং কেইটাৰ বাবে বছৰি ৩ লাখ ৫০ হাজাৰ টকা খৰচ কৰিব। য'ত থাকিব ঘোং কেইটাৰ খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি সকলো খৰচ ৷

এই বিপদৰ সময়ত প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী প্ৰমোদ শৰ্মাৰ এনে আদৰ্শনীয় পদক্ষেপক এতিয়া শলাগ লৈছে চিৰিয়াখানা কৰ্তৃপক্ষৰ লগতে মহানগৰবাসীয়ে ৷ চিৰিয়াখানা কৰ্তৃপক্ষই অন্য লোককো চিৰিয়াখানাৰ জীৱ-জন্তু ৰক্ষাৰ স্বাৰ্থত আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়কঃ ৰঙিয়াত ছাত্ৰনেতাই সাজি দিলে অসহায় বৃদ্ধাৰ গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.