ETV Bharat / state

অনিশ্চিত ৰাজনৈতিক ভৱিষ্যতৰ দিশে প্ৰফুল্ল কুমাৰ মহন্ত

ৰাজনৈতিক জীৱনত সততে বিতৰ্ক আৰু প্ৰত্যাহ্বানৰ সম্মুখীন হৈ অহা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুনৰ সন্মুখীন হৈছে বৃহৎ প্ৰত্যাহ্বানৰ ৷ সমাগত বিধানসভাৰ সাধাৰণ নিৰ্বাচনত মিত্ৰ দল বিজেপিয়ে অগপক এৰি দিবলৈ প্ৰস্তুত নহয় বহঢ়মপুৰ সমষ্টি ৷ অগপ নেতৃত্বইও মহন্তৰ ভৱিষ্যতক লৈ মূৰ নঘমাই বহঢ়মপুৰ এৰি দিবলৈ সাজু হৈছে বিজেপিক ৷

prafulla-kumar-mahantas-political-life-is-in-danger
অনিশ্চিত ৰাজনৈতিক ভৱিষ্যতৰ দিশে প্ৰফুল্ল কুমাৰ মহন্ত
author img

By

Published : Jan 7, 2021, 9:08 PM IST

গুৱাহাটী,7 জানুৱাৰী: ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সন্মুখত এতিয়া বৃহৎ প্ৰত্যাহ্বান ৷ 1985 চনৰে পৰা একেৰাহে নগাঁও জিলাৰ বহঢ়মপুৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা মহন্তই এইবাৰ সমষ্টিটোত দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে ৷ কাৰন,2016 চনৰ দৰে এইবাৰ বহঢ়মপুৰ সমষ্টি অগপক এৰি নিদিব বিগব্ৰাদাৰ বিজেপিয়ে ৷ অৰ্থাৎ বহঢ়মপুৰ সমষ্টিত এইবাৰ প্ৰাৰ্থী দিব বিজেপিয়ে ৷ উল্লেখ্য যে,অতুল বৰা নেতৃত্বাধীন অসম গন পৰিষদত ক্ৰমাৎ এলাগী হৈ পৰা প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক ভবিষ্যৎ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সামান্যতমো গুৰুত্ব আৰোপ কৰা নাই দলটোৰ নেতৃত্বই ৷ পূৰ্বতে দলীয় বিসম্বাদৰ বাবেই অগপ (প্ৰগতিশীল) খুলি কাৰ্যতঃ মুখঠেকেছা খোৱা মহন্তৰ গাত নতুন দল কৰাৰ বা আন কোনো দলত যোগ দিয়াৰো মানসিক বল এতিয়া নাই ৷ নতুনকৈ গঠন হোৱা জাতীয়তাবাদী ৰাজনৈতিক দল সমুহৰ কোনোটোৱেই মহন্তক এতিয়া দললৈ আমন্ত্ৰণ কৰাৰ কথা নাভাবে ৷ মহন্ত যেন এতিয়া কাৰোৰেই বাবে প্ৰাসংগিক নহয় ৷

prafulla-kumar-mahantas-political-life-is-in-danger
অনিশ্চিত ৰাজনৈতিক ভৱিষ্যতৰ দিশে প্ৰফুল্ল কুমাৰ মহন্ত

মনকৰিবলগীয়া যে,এনে এক প্ৰেক্ষাপটত ৰাজনৈতিক ভাৱে এটা আগ্ৰাসী দল হিচাপেই পৰিচিত বিজেপি বহঢ়মপুৰৰ ক্ষেত্ৰত নাছোৰবান্দা ৷ অগপৰ এক শীৰ্ষ সূত্ৰই ইটিভিক জনোৱা মতে,যদি মহন্তই বহঢ়মপুৰতে নিজৰ আধিপত্য বজাই ৰাখিব খোজে তেতিয়াহ'লে তেওঁৰ পুত্ৰ শ্যামন্ত কাশ্যপে বিজেপিত যোগ দি দলৰ পৰা প্ৰাৰ্থীত্ব বিচাৰিব পাৰে ৷ অবশ্যে সেয়াও শাসকীয় দলৰ মজিয়াত বিচাৰাধীন বিষয় হে হ'ব ৷ অৰ্থাৎ মহন্তই নিজে নিৰ্বাচন খেলাৰ আশা বাদ দি পুত্ৰৰ প্ৰাৰ্থীত্ব নিশ্চিত কৰাৰ বাবে বিজেপিৰ ওচৰত শৰণাগত হ'ব লাগিব ৷ নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ দুটা মাহ থকা অৱস্থাত প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে দুটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী এজনে এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হোৱাটো অতি লক্ষণীয় বুলি বিবেচিত হৈছে ৷

মনকৰিবলগীয়া যে,অসম আন্দোলনৰ পিছৰে পৰা যোৱা 35 বছৰে বহঢ়মপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা প্ৰফুল্ল কুমাৰ মহন্তই শেহতীয়া নিৰ্বাচন সমুহত লাভ কৰা ভোটৰ পৰিমাণো ক্ৰমাৎ হ্ৰাস পাই আহিছে ৷ উদাহৰণ স্বৰূপে 2016 চনৰ শেহতীয়া বিধানসভাৰ নিৰ্বাচনটোত মহন্তই অগপ আৰু বিজেপিৰ মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে ভোট লাভ কৰিছিল 65,768 টা ৷ ভোট লাভৰ হাৰ 48.53 শতাংশ ৷ কিন্তু তেওঁৰ প্ৰতিদ্বন্দী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰাই 60,599 টা ভোট লাভ কৰি 44.72 শতাংশ ভোট লাভ কৰি তুমূল প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ গতিকে দেখা যায় যে মহন্তই নিজে প্ৰতিদ্বন্দিতা কৰিলেও বিজয়ৰ সম্ভাৱনা অতি ক্ষীণ ৷ এনে পৰিস্থিতিত নিজৰ ৰাজনৈতিক ভৱিষ্যৎ ক'ত সুৰক্ষিত হ'ব তাকে লৈ এতিয়া নিজেই সন্দিহান একালৰ প্ৰতাপী নেতা প্ৰফুল্ল কুমাৰ মহন্ত ৷ বৃহস্পতিবাৰে পুৱা তেওঁ সকলো কাৰ্যক্ৰম এৰি নতুন দিল্লীলৈ উৰা মৰাৰ আঁৰতো ৰাজনৈতিক অংক আছে বুলি দলীয় সূত্ৰটোৱে আঙুলিয়াই দিছে ৷

লগতে পঢ়কঃ নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় অখিল গগৈৰ মুক্তি !

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.