ETV Bharat / state

হঠাৎ শক্তিশালী অগপ : ‘বিগ ব্ৰাডাৰ’ বিজেপিলৈ কিহৰ ইংগিত?

ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত বিজেপিয়ে আসন ভাগ-বটোৱাৰাক লৈ অগপৰ সৈতে কৰিবলগীয়া আলোচনাৰ পূৰ্বে ৰাজ্যৰ ভিন্ন প্ৰান্তত ‘জাতীয় ঐক্য সমাৰোহ’ নাম দি নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে অগপই ৷ এতিয়াও অগপৰ ভেটি বহু সমষ্টিত এতিয়াও যথেষ্ট শক্তিশালী বুলি ‘বিগ ব্ৰাডাৰ’ বিজেপিক বুজাই দিব বিচাৰিছে দলটোৱে ৷

agp election campaign
অগপৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Jan 27, 2021, 3:49 PM IST

Updated : Jan 27, 2021, 4:23 PM IST

গুৱাহাটী,27 জানুৱাৰী : নৱগঠিত দুই আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে অগপক যিমানেই গুৰুত্বহীন, অস্তিত্বহীন দল বুলি নকওঁক কিয়, অগপই কিন্তু ইখনৰ পাচত সিখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰি অভাৱনীয় হাৰত ৰাইজৰ অংশগ্ৰহণেৰে দলটোক দুৰ্বলহিচাপে ভবা ধাৰণা ভুল বুলি প্ৰমাণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।

agp election campaign
অগপৰ নিৰ্বাচনী প্ৰচাৰ

বুধবাৰৰ দিনটোতো অগপই শিৱসাগৰ জিলাৰ আমগুৰিত অনুষ্ঠিত কৰিছে জাতীয় ঐক্য সমাৰোহ । পৰৱৰ্তী সময়ত কলিয়াবৰতো অনুৰূপ সভা অনুষ্ঠিত কৰিব অগপই । কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল- সকলোৱে দুৰ্বল বুলি ভবা অগপ হঠাৎ কেনেকৈ ইমান শক্তিশালী হ’ল?

agp election campaign
অগপৰ নিৰ্বাচনী প্ৰচাৰ

এই ৰহস্য উদঘাটন কৰাৰ চেষ্টা কৰিছে ইটিভি ভাৰত অসমে ৷ ইতিমধ্যে উজনি-নামনি, বৰাক উপত্যকা, উত্তৰ অসম সকলোতে অগপই ‘জাতীয় ঐক্য সমাৰোহ’ নাম দি নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে আৰু সকলোতে দেখা গৈছে অভূতপূৰ্ব সমাগম । দলটোৱে ইতিমধ্যে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল যে, যিকেইটা সমষ্টি এটা সময়ত অগপই এবাৰৰ বাবে হ’লেও দখল কৰিবলৈ সক্ষম হৈছিল, সেই সকলোবোৰ সমষ্টিতে অভিযান এইবাৰ তীব্ৰতৰ কৰি তোলা হ’ব । তেনেকুৱা 84 টা সমষ্টি অগপই চিনাক্ত কৰিছিল । সমান্তৰালভাৱে অগপৰ দখলত নথকা বা এবাৰো অগপই দখল কৰিবলৈ সক্ষম নোহোৱা সমষ্টিতো চকু দিছে দলটোৱে ।

agp election campaign
অগপৰ নিৰ্বাচনী প্ৰচাৰ

ইটিভি ভাৰত অসমে লাভ কৰা তথ্য অনুসৰি, প্ৰতিখন জাতীয় ঐক্য সমাৰোহত অগণন লোকৰ সমাৱেশৰ জৰিয়তে অগপই ‘বিগ ব্ৰাডাৰ’ খ্যাত বিজেপিক বুজাই দিব বিচাৰিছে যে, বহু সমষ্টিত অগপৰ ভেটি এতিয়াও যথেষ্ট শক্তিশালী । যিহেতু ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে বিজেপিয়ে আসন ভাগ-বটোৱাৰাক লৈ অগপৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত লৈছে, গতিকে আলোচনাৰ পূৰ্বেই অগপই যাতে ভবামতে বিজেপিৰ পৰা আসন বিচাৰিব পাৰে, সেই অংক আগত ৰাখিয়েই সফল কৰি তোলা হৈছে ইখনৰ পাচত সিখন জাতীয় ঐক্য সমাৰোহ ।

agp election campaign
অগপৰ নিৰ্বাচনী প্ৰচাৰ

কিয়নো সম্প্ৰতি অগপৰ হাতত থকা কেইবাখনো আসন এইবাৰ বিজেপিয়ে বিচৰাৰ সম্ভাৱনা প্ৰৱল । তেনেক্ষেত্ৰত অগপয়ো ইয়াৰ বিপৰীতে কেইখনমান নতুন আসন বিজেপিৰ পৰা বিচাৰিবলৈ সাজু হৈছে । তাৰ ভিতৰত অন্যতম দুখন আসন হৈছে- পলাশবাৰী আৰু বিশ্বনাথ ।

লগতে পঢ়ক : ধেমাজিত স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ভৱেশ কলিতাই

Last Updated : Jan 27, 2021, 4:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.