ETV Bharat / state

গাহৰি মাংস বন্ধৰ ফলত ক্ষতিগ্ৰস্ত হ'ব আঠ লাখ গাহৰি পালক

ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত মনোজ বসুমতাৰীয়ে কয় যে,গাহৰিৰ অচিন ৰোগক লৈ কেতবোৰ ভিত্তিহীন কথা ৰাইজৰ মাজত প্ৰচাৰিত হৈছে ৷ চৰকাৰেও এই মূহুৰ্তত সামগ্ৰিকভাবে গাহৰিৰ মাংস নিষিদ্ধ কৰাৰ পৰিস্থিতি উদ্ভৱ হোৱা নাছিল । কিন্তু চৰকাৰীভাৱে তেনে সিদ্ধান্ত লোৱাৰ পিছত আৰু তাকে লৈ বিভিন্ন কথা বিয়পি পৰাত অসমৰ প্ৰায় আঠ লক্ষাধিক গাহৰি পালক প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে। বসুমতাৰীয়ে জনোৱা মতে বৰ্তমান অসম হ’ল ভাৰতৰ ভিতৰতে সৰ্বাধিক গাহৰি পালন কৰা ৰাজ্য । ইয়াত প্ৰায় একৈশ লাখ গাহৰি পালিত হৈছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পালিত গাহৰিৰ সংখ্যা হল 40 লাখ ।

Pork ban in assam
গাহৰি মাংস বন্ধই ৰাজ্যৰ আঠলক্ষ গাহৰি পালকৰ জীবিকালৈ অন্ধকাৰ নমাই আনিছেঃ মনোজ বসুমতাৰী
author img

By

Published : Apr 26, 2020, 5:38 PM IST

গুৱাহাটী,26 এপ্ৰিলঃ উজনিৰ কেইবাখনো জিলাত গাহৰিৰ ছোৱাইন ফিভাৰত ইতিমধ্যেই মৃত্যু হৈছে কেইবাশ গাহৰিৰ ৷ গাহৰিৰ মাজত বৃদ্ধি পোৱা এই ৰোগবিধৰ বাবে ৰাজ্য চৰকাৰে নিষিদ্ধ কৰিছে গাহৰিৰ মাংস ৷ ইয়াৰ লগে লগেই ৰাজ্যৰ প্ৰায় আঠ লাখ গাহৰি পালকৰ জীৱিকালৈ অন্ধকাৰ নামি আহিছে ৷ চৰকাৰৰ এই ঘোষণাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিশিষ্ট গাহৰি পালক,'নৰ্থ ইষ্ট প্ৰগ্ৰেছিভ পিগ ফাৰ্মাছ এছোছিয়েশ্যন'ৰ প্ৰতিষ্ঠাপক আৰু সভাপতি মনোজ বসুমতাৰীয়ে ৷

Pork ban in assam
গাহৰি পালক

ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত মনোজ বসুমতাৰীয়ে কয় যে,গাহৰিৰ অচিন ৰোগক লৈ কেতবোৰ ভিত্তিহীন কথা ৰাইজৰ মাজত প্ৰচাৰিত হৈছে ৷ চৰকাৰেও এই মূহুৰ্তত সামগ্ৰিকভাৱে গাহৰিৰ মাংস নিষিদ্ধ কৰাৰ পৰিস্থিতি উদ্ভৱ হোৱা নাছিল । কিন্তু চৰকাৰীভাৱে তেনে সিদ্ধান্ত লোৱাৰ পিছত আৰু তাকে লৈ বিভিন্ন কথা বিয়পি পৰাত অসমৰ প্ৰায় আঠ লক্ষাধিক গাহৰি পালক প্ৰত্যক্ষভাবে ক্ষতিগ্ৰস্ত হৈছে। বসুমতাৰীয়ে জনোৱা মতে বৰ্তমান অসম হ’ল ভাৰতৰ ভিতৰতে সৰ্বাধিক গাহৰি পালন কৰা ৰাজ্য। ইয়াত প্ৰায় একৈশ লাখ গাহৰি পালিত হৈছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পালিত গাহৰিৰ সংখ্যা হল 40 লাখ ।

নৰ্থ ইষ্ট প্ৰগ্ৰেছিভ পিগ ফাৰ্মাছ এছোছিয়েছনৰ প্ৰতিষ্ঠাতা মনোজ বসুমতাৰী

উল্লেখ্য যে,অসমত এতিয়াও যিসকল লোকে গাহৰি পালন কৰি জীৱিকা নিৰ্বাহ কৰিছে তেওঁলোকৰ গৰিষ্ঠসংখ্যকেই হ'ল উপান্ত (Marginalized)স্তৰৰ পালক ৷ অসমত বাণিজ্যিক গাহৰি ফাৰ্মৰ সংখ্যা মাত্ৰ দুশ খন মানহে । কিন্তু গাহৰি পালন খণ্ডই সামৰি আছে 12000 পৰা 15000 কোটি টকাৰ ব্যৱসায়। আনহাতে অসমত প্ৰয়োজন হোৱা তিনি লাখ নিযুত টন গাহৰি মাংসৰ প্ৰায় 62% পৰা 72% গাহৰি আমদানি হয় বিহাৰ,হাৰিয়ানাৰ দৰে বহিঃৰাজ্যৰ পৰা । এনে সম্ভাৱনালৈ চাই অসমৰ বহু সংখ্যক যুৱক-যুৱতীয়ে গাহৰি পালনক জীৱিকা হিচাপে আঁকোৱালি লৈছে । কিন্তু পৰিস্থিতিয়ে সকলোকে পিছলৈ ঠেলি দিয়াহে পৰিলক্ষিত হৈছে ৷

আনহাতে, মনোজ বসুমতাৰীৰ এই প্ৰতিক্ৰিয়াত চৰকাৰী স্থিতি ব্যক্ত কৰি অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ই টিভি ক কয় যে,এই অচিন ৰোগৰ চিনাক্তকৰণৰ বাবে আক্ৰান্ত গাহৰিৰ তেজৰ নমুনা ভূপালৰ গৱেষণাগাৰলৈ পঠিওৱা হৈছে। তাৰ ফলাফল আৰু কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সমূহৰ সেউজ সংকেত নোপোৱালৈ ৰাজ্য চৰকাৰে অপেক্ষা কৰিব লাগিব। ইয়াৰ বিকল্প নাই।

লগতে পঢ়ক-৭৫ জন যাত্ৰীক ঘৰলৈ যোৱাৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.