গুৱাহাটী,১৯ এপ্রিল: চাকৰিৰ নিৰাপত্তা বিচাৰি প্ৰতিবাদত নামিল ৰাজ্যৰ পলিটেকনিক আৰু তিনিখন অভিযান্ত্রিক কলেজৰ অংশকালীন তথ্য থ্রী এফ পদ্ধতিত নিযুক্ত দুই শতাধিক প্রবক্তা, সহকাৰী অধ্যাপক (Polytechnic lecturers protest in Guwahati)। নিউ ইঞ্জিনীয়াৰিং পলিটেকনিক ফেকাল্টি এছ'চিয়েচন অৱ আছামৰ উদ্যোগত বুধবাৰে কাহিলীপাৰাস্থিত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ক্ষুব্ধ শিক্ষকসকলে । চৰকাৰ, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ ওচৰত চাকৰি নিয়মীয়াকৰণৰ দাবী জনায়ো কোনো সদুত্তৰ নোপোৱাত অংশকালীন আৰু থ্রী এফ পদ্ধতিত নিযুক্ত প্রবক্তা তথা সহকাৰী অধ্যাপকসকলে এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Polytechnic lecturers protest for regularization)।
এই সন্দৰ্ভত নিউ ইঞ্জিনীয়াৰিং পলিটেকনিক ফেকাল্টি এছ'চিয়েচন অব আছামৰ সভাপতি ড৹ নেত্ৰমণি বৰুৱা আৰু সাধাৰণ সম্পাদক অলকেশ শৰ্মাই কয় যে, অসম চৰকাৰে ২০১৭ চনৰ পৰা ২০২১ চনলৈ স্থাপন কৰা ১৬ খন পলিটেকনিক আৰু তিনিখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাঠদান অংশকালীন আৰু থ্রী এফ পদ্ধতিত নিযুক্ত প্রবক্তা তথা সহকাৰী অধ্যাপকৰ দ্বাৰা আৰম্ভ কৰিছিল (New Engineering Polytechnic Faculty Association)। এইসকল অনিয়মীয়া প্ৰবক্তাৰ ওপৰতে সম্পূৰ্ণৰূপে নির্ভৰ কৰি আজিৰ তাৰিখলৈ শিক্ষানুষ্ঠানসমূহ সুচাৰুৰূপে চলি আছে । কিন্তু আজিলৈকে এই প্রবক্তা, অধ্যাপকৰ চাকৰি নিয়মীয়াকৰণ নহ'ল ।
এইক্ষেত্ৰত তীব্র ক্ষোভ প্রকাশ কৰি সংগঠনটোৰ নেতাদ্বয়ে কয় যে, অসম চৰকাৰে বিগত বৰ্ষত গঠন কৰা অসম ইঞ্জিনীয়াৰিং সেৱা নিযুক্তি ব'ৰ্ডে যোৱা ফেব্ৰুৱাৰীত পলিটেকনিক আৰু অভিযান্ত্ৰিক কলেজসমূহৰ প্ৰবক্তা, সহকাৰী অধ্যাপক পদৰ বাবে নিযুক্তি বিজ্ঞাপন প্ৰকাশ কৰে (Assam Engineering Services Recruitment Board)। শেহতীয়াভাৱে প্ৰকাশ কৰা জাননী অনুসৰি অহা ২৪ এপ্ৰিলৰ পৰা অভিযান্ত্ৰিক কলেজৰ সহকাৰী অধ্যাপক পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব । কিন্তু যিসকল প্রবক্তা, সহকাৰী অধ্যাপকৰ জৰিয়তে ১৬খন পলিটেকনিক, তিনিখন অভিযান্ত্রিক কলেজৰ শুভাৰম্ভণি কৰি চৰকাৰে অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উপহাৰ হিচাপে আগবঢ়ালে সেইসকলৰ প্ৰতি ৰাজ্য চৰকাৰৰ কোনো ইতিবাচক সঁহাৰি দেখা পোৱা নগ'ল ।
তেওঁলোকে পুনৰ কয় যে, বিগত বৰ্ষত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ পৰা লিখিতভাৱে জনোৱা হৈছিল যে, অনিয়মীয়া প্রবক্তা তথা সহকাৰী অধ্যাপকৰ প্ৰতি তেওঁলোকৰ সদ্ভাৱ আছে । কিন্তু চৰকাৰে নতুন নিযুক্তিৰ জৰিয়তে অনিয়মীয়া প্ৰবক্তাসকলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । আনকি শিক্ষা মন্ত্রীয়েও মৌখিকভাৱে কেইবাবাৰো চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু সেই প্রতিশ্রুতিও প্রতিশ্রুতি হৈ থাকিল । যাৰ বাবেই আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে বুলি তেওঁলোকে কয় । আনহাতে, প্ৰতিবাদকাৰীসকলে দাবী পূৰণ নহ'লে আৰু দীঘলীয়া কাৰ্যসূচীৰে আন্দোলন কৰা হ'ব বুলি চৰকাৰক সঁকীয়াই দিয়ে ।
লগতে পঢ়ক: 50 thousand recruitments: মে' মাহত অমিত শ্বাহৰ উপস্থিতিত অসমত দিয়া হ'ব ৫০ হাজাৰ নিযুক্তি