ETV Bharat / state

বিশিষ্ট ৰাজনীতিবিদ তথা প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ দেহাৱসান

author img

By

Published : Apr 25, 2020, 11:08 AM IST

Updated : Apr 25, 2020, 12:22 PM IST

বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে এইগৰাকী ৰাজনীতিবিদৰ ৷

Politician Debananda Konwar pass away
বিশিষ্ট ৰাজনীতিবিদ তথা প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ দেহাৱসান

শিৱসাগৰ, গুৱাহাটী,25 এপ্ৰিল: বিশিষ্ট ৰাজনীতিবিদ তথা ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ দেহাৱসান ৷ শনিবাৰে মহানগৰীৰ ৰুক্মিনীগাঁৱস্থিত নিজা বাসভৱনত 77 বছৰ বয়সত মৃত্যু হয় ৰাজনীতিবিদ গৰাকীৰ ৷ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে এইগৰাকী ৰাজনীতিবিদৰ ৷

উল্লেখ্য যে বিহাৰ,ত্ৰিপুৰা আৰু পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল তথা অসমৰ প্ৰাক্তন মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল দেৱানন্দ কোঁৱৰে ৷ ১৯৪৩ চনত জন্মগ্ৰহণ কৰা কোঁৱৰে এজন শিক্ষাবিদ ৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল ৷ কটন কলেজৰ ইংৰাজী বিষয়ৰ আধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰা কোঁৱৰে পৰৱৰ্তী সময়ত কংগ্ৰেছ দলৰ হৈ থাওৰা সমষ্টিৰ বিধায়কৰূপে নিৰ্বাচিত হৈছিল ৷ কংগ্ৰেছৰ নেতা হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী থকাৰ সময়ত কেবিনেট মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল কোঁৱৰে । তিনিবাৰকৈ থাওৰা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা দেৱানন্দ কোঁৱৰে শেষত কংগ্ৰেছ দল এৰি এ আই ইউ ডি এফ দলত যোগদান কৰিছিল ৷

লগতে পঢ়কঃ মণিপুৰত উগ্ৰপন্থীৰ সন্ধানত যোৱা আসাম ৰাইফল্ছৰ প্ৰৱেশত মহিলাৰ বাধা

Last Updated : Apr 25, 2020, 12:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.