ETV Bharat / state

ন্যায়ালয় পালেগৈ বিপিএফ আৰু ৰাজ্যপালৰ মাজৰ সংঘাত !

author img

By

Published : May 16, 2020, 4:31 PM IST

বি পি এফ নেতৃত্বৰ মতে সংবিধান উলংঘা কৰি বিটিএডিত শাসনভাৰ চলাইছে ৰাজ্যপালে ৷ ৰাজ্যপালৰ সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ তৰি এই অভিযোগ উত্থাপন কৰে বি পি এফে । লগতে কেবিনেটৰ সিদ্ধান্ত নোলোৱাকৈ বিটিএডিত ৰাজ্যপালৰ শাসন আৰু বিটিএডিৰ দায়িত্ব লোৱাৰ পূৰ্বে ৰাজ্যপালে নললে গ্ৰুপ অৱ মিনিষ্টাৰৰ সিদ্ধান্ত এই অভিযোগ বি পি এফ নেতৃত্বৰ ।

political-conflict-between-governor-and-bpf-party
ন্যায়ালয় পালেগৈ বিপিএফ আৰু ৰাজ্যপালৰ মাজৰ সংঘাত !

গুৱাহাটী, 16 মে‘ : বিটিএডিৰ শাসনভাৰক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যপাল আৰু বি পি এফ দলৰ মাজত চলিছে তীব্ৰ সংঘাত । বি টি এ ডিৰ শাসনক লৈ এতিয়া ব্যাপক চৰ্চা হৈছে ৰাজ্যৰ ৰাজনৈতিক মহলত । বি পি এফৰ শাসনৰ অৱসান ঘটাৰ লগে লগে বিটিএডিৰ শাসনভাৰ গ্ৰহণ কৰিছিল ৰাজ্যপালে । কিন্তু ৰাজ্যপালে শাসনভাৰ গ্ৰহণ কৰাৰ পিছতে অসন্তুষ্ট বি পি এফৰ নেতৃত্বই কাষ চাপিছিল আদালতৰ । অধিবক্তা মানস শৰণীয়াই জানিবলৈ দিয়া অনুসৰি মুখ্যমন্ত্ৰীৰ সন্মতি সাপেক্ষে বিটিএডিৰ শাসনভাৰ দিয়া হৈছিল ৰাজ্যপালক ৷ শপতনামা যোগে উচ্চ ন্যায়ালয়ক এই কথা অৱগত কৰালে ৰাজ্য চৰকাৰৰ অধিবক্তাই । আনহাতে অধিবক্তাই জানিবলৈ দিয়া অনুসৰি সংবিধান অনুসৰীয়ে দিয়া হৈছিল বিটিএডিৰ শাসনভাৰ ।

কিন্তু বি পি এফ নেতৃত্বৰ মতে সংবিধান উলংঘা কৰি বিটিএডিত শাসনভাৰ চলাইছে ৰাজ্যপালে ৷ ৰাজ্যপালৰ সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ তৰি এই অভিযোগ উত্থাপন কৰে বি পি এফে । লগতে কেবিনেটৰ সিদ্ধান্ত নোলোৱাকৈ বিটিএডিত ৰাজ্যপালৰ শাসন আৰু বিটিএডিৰ দায়িত্ব লোৱাৰ পূৰ্বে ৰাজ্যপালে নললে গ্ৰুপ অৱ মিনিষ্টাৰৰ সিদ্ধান্ত এই অভিযোগ বি পি এফ নেতৃত্বৰ । আনহাতে অধিবক্তা গৰাকীয়ে জানিবলৈ দিয়ে যে বিপিএফৰ এই অভিযোগৰ বিপৰীতে শুকুৰবাৰে ন্যায়ালয়ত শপতনামা দাখিল কৰে ৰাজ্যপালে ।

ৰাজ্যপালৰ হৈ ন্যায়ালয়ত অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰে । আনহাতে ৰাজ্যপালৰ শাসনভাৰ সন্দৰ্ভত সাংসদ নৱ শৰণীয়াই ৰাজ্যপালৰ সমৰ্থন কৰি আবেদন দাখিল কৰিছে । বৰ্তমানলৈকে এই সংঘাতৰ নিষ্পত্তি নোহোৱাকৈ দুই পক্ষৰ মাজত ন্যায়িক যুদ্ধ ন্যায়ালয়ত অব্যাহত আছে ।

লগতে পঢ়ক :মাছখোৱাৰ এলাহাবাদ বেংক ছীল প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.