গুৱাহাটী, 15 ডিচেম্বৰ: ৰাজ্যত বৰ্তমানো অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । নিশা হ'লেই গুৱাহাটীৰ মাজেৰে সৰবৰাহ হয় বৃহৎ সংখ্যক চোৰাং গৰু । কিয়নো সোমবাৰে নিশা পুনৰ গুৱাহাটীৰ জালুকবাৰীত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষীয়ে এক অভিযান চলাই জব্দ কৰে ২২ টা গৰুসহ এখন ট্ৰাক ।
আৰক্ষী সুত্ৰই সদৰি কৰা অনুসৰি বৰপেটাৰ পৰা খানাপাৰা অভিমুখে গৈ আছিলে AS 01 GC 5067 নম্বৰৰ এই গৰু ভৰ্তি ট্ৰাকখন । আৰক্ষীৰ অভিযানৰ উমান পাই ট্ৰাক এৰি পলায়ন কৰে ড্ৰাইভাৰ-হেণ্ডিমেন ।
ইফালে, সম্প্ৰতি ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে। সমান্তৰালভাৱে, পলাতক চালক-হেণ্ডিমেনক বিচাৰি অনুসন্ধান আৰম্ভ কৰা কথাও জানিবলৈ দিছে জালুবাৰী আৰক্ষীয়ে ।
উল্লেখ্য যে, আৰক্ষীক মেনেজ কৰি প্ৰত্যেক দিনেই চোৰাং বেহা চলাই থকাৰো অভিযোগ উত্থাপিত কৰিছে স্থানীয় একাংশ সচেতন লোকে ।
লগতে পঢ়ক: নৱবৰ্ষৰ প্ৰথম সপ্তাহত মৰাণত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ প্ৰথমখন অভিৱৰ্তন