ETV Bharat / state

PM Modi to Visit NE: দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ প্ৰধানমন্ত্ৰী; গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা - Prime minister north east visit schedule

দুদিনীয়া উত্তৰ-পূব ভ্ৰমণৰ কাৰ্যসূচীৰে মঙলবাৰে গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime minister North East visit)৷ প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণক লৈ গুৱাহাটীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী ৷

PM Modi to Visit NE
দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ প্ৰধানমন্ত্ৰী; গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
author img

By

Published : Mar 6, 2023, 8:29 PM IST

গুৱাহাটী, 6 মাৰ্চ: 7 আৰু 8 মাৰ্চত উত্তৰ-পূবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ মঙলবাৰে অৰ্থাৎ কাইলৈ পুৱা 10 বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী (PM Modi Assam Visit) । বৰঝাৰত উপস্থিত হৈয়েই পোনে-পোনে প্ৰধানমন্ত্ৰীগৰাকী যাব মেঘালয়ৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ৷ শ্বিলঙত কাৰ্যসূচী সামৰি প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হ’ব নাগালেণ্ডলৈ ৷ নাগালেণ্ড চৰকাৰৰো শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime minister North East visit) ৷

নাগালেণ্ডৰ পৰা বিয়লি 5 বজাত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী ৷ 6 বজাত অংশ ল’ব কেবিনেটত ৷ বিজেপিৰ ৰাজ্যিক অতিথিশালাত নিশাটো কটাই 8 মাৰ্চত পুৱা 9.45 বজাত গুৱাহাটীৰ পৰা ত্ৰিপুৰা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi Tripura visist) ৷

উল্লেখ্য যে, 7 আৰু 8 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসমকে ধৰি উত্তৰ-পূব ভ্ৰমণৰ কাৰ্যসূচী সন্দৰ্ভত সোমবাৰে জনতা ভৱনত কেবিনেট বৈঠক অনুষ্ঠিত হয় । বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ইফালে, মোডীৰ অসম ভ্ৰমণ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বিষয়ে বুজ ল’বলৈ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী (Prime minister north east visit schedule) ।

PM Modi to Visit NE
প্ৰধানমন্ত্ৰী আগমনকলৈ অসম চৰকাৰৰ বৈঠক

বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অভ্যৰ্থনা আৰু আতিথ্যৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাত কোনো ধৰণৰ ত্ৰুটি নাৰাখিবলৈ বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে । বৈঠকখনত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং আৰু অন্যান্য জ্যেষ্ঠ অসামৰিক আৰু আৰক্ষী বিষয়াসকল উপস্থিত আছিল ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উত্তৰ-পূব ভ্ৰমণক লৈ গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়াকৈ কৰি তোলা হৈছে। অহা দুদিনত গুৱাহাটীত ড্ৰোণ উৰুৱা নিষিদ্ধ কৰা হৈছে ৷ গুৱাহাটীত যানবাহন চলাচলৰ ক্ষেত্ৰতো কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে । যানবাহন আৰক্ষীৰ দ্বাৰা গধুৰ যানবাহন চলচল আৰু পাৰ্কিঙৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

লগতে পঢ়ক: Govt formation in NE states: পূৰ্বোত্তৰৰ দুই ৰাজ্যত চৰকাৰ গঠন সন্দৰ্ভত অমিত শ্বাহৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.