ETV Bharat / state

পুনঃসংস্থাপন আৰু নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ ক্ষেত্ৰত হ'ব এছ অ' পি

author img

By

Published : Jun 26, 2022, 10:24 PM IST

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আন্তর্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ সভাত মন্ত্ৰী পীযুষ হাজৰিকা (International Day Against Drug Abuse and Illicit Trafficking)। কোনো কাৰণতে সমাজ-ধ্বংসকাৰী শক্তিসমূহক চৰকাৰে ৰেহাই নিদিয়ে । এন ডি পি এছ এক্টৰ অধীনত অভিলেখ সংখ্যক ৩২৩২ টা গোচৰ ৰুজু কৰি ৫৪০০ তকৈ অধিক সৰবৰাহকাৰীক আটক কৰা হৈছে ।

International Day Against Drug Abuse and Illicit Trafficking
ড্ৰাগছৰ বিৰুদ্ধে যুঁজ

গুৱাহাটী, ২৬ জুন : এখন ড্ৰাগছ-মুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষাগুৰুসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । ড্ৰাগছৰ কু-প্ৰভাৱ তথা ভয়াৱহতাৰ বিষয়ে নিজেও সজাগ হোৱাৰ লগতে নৱ-প্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰি ৰখাত তেওঁলোকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিব । এই মন্তব্য সামাজিক ন্যায় আৰু সবলীকৰণ, জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

‘‘আন্তর্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস’’ উপলক্ষে দেওবাৰে অসম আৰক্ষীৰ উলুবাৰীস্থ মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত মন্ত্ৰী হাজৰীকাই (International Day Against Drug Abuse and Illicit Trafficking) ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰি কয় যে, সন্তানৰ ওপৰত পিতৃ-মাতৃসকলে তীক্ষ্ণ নজৰ ৰাখিব লাগিব । যাতে কোনো কাৰণতে তেওঁলোক নিচাযুক্ত দ্ৰব্যৰ কৱলত নপৰে ।

International Day Against Drug Abuse and Illicit Trafficking
পুনঃসংস্থাপন আৰু নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ ক্ষেত্ৰত হ'ব এছ অ' পি

তেওঁ কয় যে, ড্ৰাগছ আসক্ত সন্তানে কেতিয়াবা পিতৃ-মাতৃৰ অজ্ঞতা বা সৰলতাৰ সুযোগ লোৱাও দেখা যায় । এইক্ষেত্ৰত পিতৃ-মাতৃ তথা অভিভাৱকসকলক সজাগ কৰাৰ প্ৰয়োজন । ড্ৰাগছ মুক্ত এখন সমাজ গঢ়াৰ বাবে সকলোৰে এক সংঘবদ্ধ প্ৰচেষ্টা লাগিব । ড্ৰাগছৰ বিৰুদ্ধে সকলোকে জড়িত কৰি নিয়মিতভাৱে ব্যাপক সজাগতা অভিযান চলোৱাত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে । যাতে ৰাজ্যখনক ড্ৰাগছৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰি ৰাখিব পাৰি ।

ড্ৰাগছ সৰবৰাহকাৰীসকলক সতর্ক কৰি দি তেওঁ কয় যে, কোনো কাৰণতে সমাজ-ধ্বংসকাৰী এই শক্তিসমূহক চৰকাৰে ৰেহাই নিদিয়ে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ সভা অনুষ্ঠিত কৰাৰ বাবে অসম আৰক্ষীৰ শলাগ লৈ ৰাজ্যৰ পুনঃসংস্থাপন আৰু নিচামুক্তি কেন্দ্ৰসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে ‘‘ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰ'ছিডিউৰ’’ (এছ অ' পি) যুগুত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : হোজাইত প্ৰায় ছয় কোটি মূল্যৰ ড্ৰাগছ দাহ কৰে আৰক্ষীয়ে

আৰক্ষীৰ লগতে গৃহ, সমাজ কল্যাণ, আবকাৰী, শিক্ষা, স্বাস্থ্য, সামাজিক ন্যায় আৰু সবলীকৰণ, নাৰ্কটিকছ কন্ট্ৰল ব্যুৰ’ আদি বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ উপৰি চিকিৎসক, শিক্ষানুষ্ঠানৰ অধ্যক্ষ, স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি আদিও উপস্থিত থকা এই সভাত সভাপতিত্ব কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে উল্লেখ কৰি ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ বাবে বহুমুখী কৌশল ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে ।

তেওঁ কয় যে, চৰকাৰৰ বিভিন্ন বিভাগে সন্মিলিতভাৱে ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দি যাব লাগিব আৰু এইক্ষেত্ৰত স্কুলীয়া অৱস্থাৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ অপব্যৱহাৰ আৰু ইয়াৰ কু-প্ৰভাৱৰ বিৰুদ্ধে সজাগ কৰি তুলিব লাগিব । ভাষণ প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধান মহন্তই ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰে । উল্লেখ যে, সভাত পুনঃসংস্থাপন আৰু নিচামুক্তি কেন্দ্ৰসমূহ নিয়ন্ত্ৰণ তথা পৰিচালনাৰ ক্ষেত্ৰত এখন এছ অ’ পি প্ৰস্তুত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

অপৰাধ অনুসন্ধান বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এ ৱাই ভি কৃষ্ণাই তেওঁৰ আদৰণী ভাষণত ড্ৰাগছৰ যোগান আৰু চাহিদা ৰোধ কৰাত গুৰুত্ব আৰোপ কৰি কয় যে, ড্ৰাগছৰ অবৈধ সৰবৰাহকাৰী আৰু ড্ৰাগছ চিণ্ডিকেটৰ লগত জড়িত সকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখিছে । অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে যে, এন ডি পি এছ এক্টৰ অধীনত অভিলেখ সংখ্যক ৩২৩২ টা গোচৰ ৰুজু কৰি ৫৪০০ তকৈ অধিক সৰবৰাহকাৰীক আটক কৰা হৈছে ।

লগতে পঢ়ক : ডিব্ৰুগড় আৰক্ষীয়ে দাহ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ

তদুপৰি অবৈধ সৰবৰাহত জড়িত ৩৮৮ খন বাহন জব্দ কৰাৰ লগতে ১০০ কেজিতকৈও অধিক হেৰ'ইন, ২,৭০,০০০ বটল কফ চিৰাপ, ৩৯,৪২,০০০ টেবলেট আৰু বিভিন্ন নিষিদ্ধ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে, অবৈধ সৰবৰাহকাৰীৰ কবলৰ পৰা ২.৮০ কোটি মূল্যৰ দেশী-বিদেশী টকা জব্দ কৰা হৈছে । ইয়াৰ উপৰিও ৩১ বিঘা ভাং আৰু ৬৪৮ বিঘা অ’পিয়ামৰ খেতি নষ্ট কৰা হৈছে ।

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে এন আই চিৰ সহযোগত ‘‘Drugs Free Assam’’ নামৰ এটা এপ ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে বুলি সদৰি কৰি তেওঁ কয় যে, এই এপটো ‘‘গুগল প্লেষ্টৰ’’ৰ পৰা ডাউনলোড কৰিব পৰা যায় আৰু এপটো ইতিমধ্যে বহুসংখ্যক ৰাইজে ‘ডাউনল'ড’ কৰি বিভিন্ন তথ্য আগবঢ়াই আহিছে । এই এপৰ জৰিয়তে লাভ কৰা তথ্যসমূহৰ ভিত্তিত তাৎক্ষণিক ব্যৱস্থা লোৱাৰ বাবে জিলাভিত্তিক ন'ডেল বিষয়া নিয়োগ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

সভাত গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীজ বাৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ পি ডি যোশী, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহুকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক : International Day Against Drugs: মৰিগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.