ETV Bharat / state

Sangeeta Dutta case : সংগীতা দত্তৰ ব্যক্তিগত সহায়িকাৰ আত্মসমৰ্পণ - তোলনীয়া শিশু নিৰ্যাতনৰ অভিযোগ

শুকুৰবাৰৰ নিশা পল্টনবজাৰ থানাত আত্মসমৰ্পণ কৰে উৎপলা বসুৱে (Sangeeta Dutta latest news) ৷ তোলনীয়া শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত চিকিৎসক ডাঃ সংগীতা দত্তৰ ব্যক্তিগত সহায়িকা আছিল উৎপলা ৷

Sangeeta Dutta case update
সংগীতা দত্তৰ ব্যক্তিগত সহায়িকাৰ আত্মসমৰ্পণ
author img

By

Published : May 13, 2023, 11:58 AM IST

Updated : May 13, 2023, 2:18 PM IST

গুৱাহাটী, 13 মে’ : অৱশেষত আৰক্ষীৰ জিম্মাত ডাঃ সংগীতা দত্তৰ ব্যক্তিগত সহায়িকা উৎপলা বসু । তোলনীয়া শিশু নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু স্বামী ডাঃ ৱালিউল ইছলামক শিশু যোগান ধৰাৰ অভিযোগত অভিযুক্ত উৎপলা বসুৱে শুকুৰবাৰৰ নিশা পল্টনবজাৰ থানাত আত্মসমৰ্পণ কৰে । বিগত তিনিদিন ধৰি উৎপলা পশ্চিমবংগত আত্মগোপন কৰি আছিল বুলি জানিবলৈ পৰা গৈছে (Sangeeta Dutta case update) ।

পল্টনবজাৰ থানাত আত্মসমৰ্পণ কৰাৰ পিচতে পানবজাৰ মহিলা আৰক্ষী থানাত সোধ-পোছ অব্যাহত ৰখা হৈছে উৎপলাক । মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাকে ধৰি কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াই জেৰা কৰে অভিযুক্ত উৎপলা বসুক । উল্লেখ্য যে, ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে উত্থাপিত হৈছিল গুৰুতৰ অভিযোগ (Doctor couple accused of assault minor daughter) ৷ তিনি বছৰীয়া তোলনীয়া সন্তানক পাশৱিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল চিকিৎসক দম্পতীৰ বিৰুদ্ধে (Sangeeta Dutta arrested in Alleged Child Abuse) ৷

পল্টনবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত মণিপুৰী বস্তিৰ ৰোমা এনক্লেভৰ বাসিন্দা চিকিৎসক দম্পতী ৱালিউল ইছলাম আৰু সংগীতা দত্তই শুকুৰবাৰে ছাদৰ ওপৰত প্ৰখৰ ৰ’দত প্ৰায় 4 বছৰীয়া কন্যাগৰাকীক বান্ধি ৰখাৰ সময়তে উক্ত দৃশ্য ওচৰ চুবুৰীয়াই প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰিছিল । ইয়াৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰাৰ লগতে চিকিৎসক ৱালিউল ইছলামক আটক কৰিবলৈ সক্ষম হয় ৷

অৱশ্যে ইয়াৰ পিচতে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও এদিন পিচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডাঃ সংগীতা দত্তক । ইয়াৰ পিছতে আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা (Dr Sangeeta Dutta case) । উল্লেখ কৰা প্ৰয়োজন যে, উৎপলা বসুৱে 2019 চনত 2 মহীয়া যমজ শিশুকেইটাক চিকিৎসক দম্পতীটোক যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল । চিকিৎসক দম্পতীটোক গ্ৰেপ্তাৰৰ পাচতেই উৎপলা বসুক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল ৷

লগতে পঢ়ক : Waliul Islam case : অবৈধভাৱে তুলি লোৱা কন্যাক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল চিকিৎসক ডাঃ ৱালিউল ইছলাম

Last Updated : May 13, 2023, 2:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.