ETV Bharat / state

কেব বিৰোধী প্ৰতিবাদ : আৰক্ষীৰ গুলীত নিহত 3, আহত 19 জন

author img

By

Published : Dec 13, 2019, 11:26 AM IST

Updated : Dec 13, 2019, 12:46 PM IST

কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ চলি থকাৰ মাজতে বিভিন্ন স্থানত প্ৰতিবাদ দমনৰ বাবে আৰক্ষীৰ গুলীচালনা ৷ গুৱাহাটী মহানগৰীৰ লাচিত নগৰত হোৱা গুলীচালনাত দীপাঞ্জল দাস নামৰ যুৱকজনে মৃত্যুক আকোৱালি লয় ৷ হাতীগাঁৱৰ শংকৰ পথ আৰু বশিষ্ঠ চাৰিআলিৰ নতুন বজাৰতো আৰক্ষীৰ গুলীত নিহত আন দুজন লোক ৷ জি এম চি এইচত চিকিৎসাধীন হৈ আছে 19জনকৈ প্ৰতিবাদকাৰী ৷ লাঠিচালনা আৰু গুলীচালনাত সমগ্ৰ ৰাজ্যতে এই পৰ্যন্ত আহত হৈছে প্ৰায় অৰ্ধশতাধিক লোক ৷

সমগ্ৰ ৰাজ্য উত্তাল কেবৰ বিৰুদ্ধে
সমগ্ৰ ৰাজ্য উত্তাল কেবৰ বিৰুদ্ধে

নিউজ ডেস্ক, 13 ডিচেম্বৰ: সমগ্ৰ ৰাজ্যতে কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ চলি থকাৰ মাজতে বিভিন্ন স্থানত প্ৰতিবাদ দমনৰ বাবে আৰক্ষীৰ গুলীচালনা ৷ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ লাচিত নগৰত হোৱা গুলীচালনাত গুৰুতৰভাৱে আহত দীপাঞ্জল দাস নামৰ যুৱকজনে মৃত্যুক আঁকোৱালি লয় জি এম চি এইচত ৷ সমান্তৰালকৈ হাতীগাঁৱৰ শংকৰ পথ আৰু বশিষ্ঠ চাৰিআলিৰ নতুন বজাৰত প্ৰতিবাদকাৰীলৈ আৰক্ষীয়ে চলোৱা গুলীত নিহত আন দুজন লোক ৷ বৰ্তমানলৈকে বিধেয়ক বিৰোধী প্ৰতিবাদত প্ৰাণ হেৰুৱালে তিনি জনকৈ লোকে ৷

মহানগৰীৰ কালি নিশাৰ এক দৃশ্য ( ভাইৰেল ভিডিঅ')

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই পৰ্যন্ত চিকিৎসাধীন হৈ আছে 19জনকৈ প্ৰতিবাদকাৰী ৷ ইয়াৰে এজনৰ অৱস্থা সংকটজনক ৷ গুৱাহাটী মহানগৰত ভিন্ন স্থানত বৃহস্পতিবাৰে প্ৰতিবাদকাৰীক দমন কৰিবলৈ নিৰ্বিচাৰভাৱে গুলীচালনা আৰু লাঠিচালনা কৰে আৰক্ষীয়ে ৷ এই ঘটনাত ডাউন টাউন, বশিষ্ঠ, ৰুক্মিণীগাঁও আদি স্থানত আহত হৈছে বহু কেইজন প্ৰতিবাদকাৰী ৷ বৃহস্পতিবাৰে নিশা নগাঁও জিলাৰ ৰহাতো প্ৰতিবাদকাৰীলৈ ৰবৰৰ গুলী নিক্ষেপ আৰক্ষীৰ ৷ এই ঘটনাত আহত 3 জনকৈ লোক ৷ আনহাতে দৰং জিলাতো প্ৰতিবাদকাৰীক ৰোধিবলৈ গুলীচালনা কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ গুলীত এজন প্ৰতিবাদকাৰী গুলিবিদ্ধ হোৱাৰ লগতে লাঠি চলনাত আহত হয় প্ৰায় 26 জন লোক ৷

কেবৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদলৈ ওলাই আহিছে সমগ্ৰ অসমীয়া লোকসকল ৷ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াই প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষীয়ে কৰা নিৰ্বিচাৰ লাঠিচালনা আৰু গুলীচালনাত সমগ্ৰ ৰাজ্যতে এই পৰ্যন্ত আহত হৈছে প্ৰায় অৰ্ধশতাধিক লোক ৷ কেব প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰি থকা সময়ত আহত হৈছে ইটিভি ভাৰতৰ কেইবাজনো সাংবাদিক ৷

লগতে পঢ়ক: ৰহাত প্ৰতিবাদকাৰীলৈ গুলীচালনাঃ আহত তিনিজন

Intro:Body:Conclusion:
Last Updated : Dec 13, 2019, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.