ETV Bharat / state

Partition Horrors Remembrance Day: ভাৰত বিভাজনৰ একমাত্ৰ দোষী ব্যক্তি আছিল জিন্না; মুখ্যমন্ত্ৰী - মুহাম্মদ আলী জিন্না

ভাৰত বিভাজনৰ দিনটোক স্মৰণ কৰি গুৱাহাটীত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন ৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মহম্মদ আলী জিন্না আৰু মুছলীম লীগক ভাৰত বিভাজনৰ বাবে দায়ী বুলি উল্লেখ কৰে ।

Partition Horrors Remembrance Day observed at Guwahati
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Aug 14, 2023, 5:27 PM IST

Updated : Aug 14, 2023, 11:15 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১৪ আগষ্ট: বিজেপি দলৰ উদ্যোগত সোমবাৰে গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত ভাৰত বিভাজনৰ দিনটোক স্মৰণ কৰাৰ বাবে বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা‌ হয় ।‌ অনুষ্ঠানত মুখ্য অতিথি অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । সভাত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, বৃটিছে ভাৰত বিভাজন আনিছিল । বিভাজনে ভাৰতীয়সকলৰ মাজত দুৰ্যোগ নমাই আনিছিল ৷ বিভীষিকাৰ বলি হৈছিল । বিভাজন পাহৰি যাব নোৱাৰা এক বেদনা । ভাৰতৰ স্বাধীনতা আছিল খণ্ডিত স্বাধীনতা ।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৮০০ বছৰৰ মুছলমান আৰু বৃটিছ শাসনৰ বিষয়ে উল্লেখ কৰি কয়, এই ৮০০ বছৰ পৰাধীনতাৰ ইতিহাস হিচাপে চিহ্নিত হৈ আছে । তেওঁ কয়, স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ ভূমিকা আছিল অতুলনীয় । মহাত্মা গান্ধী এগৰাকী অবিম্বাদী নেতা আছিল । নাথুৰাম গডছেই গান্ধীক হত্যা কৰিছিল । গডছেৰ এই অপৰাধ অক্ষমনীয় অপৰাধ আছিল । তাক আমি ক্ষমা কৰিব নোৱাৰো ।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ভাৰত বিভাজন হিন্দু আৰু শিখসকলে বিচৰা নাছিল । ভাৰত বিভাজন মুছলীম লীগ, জিন্না আৰু ছাদুল্লাই বিচাৰিছিল । ভাৰত বিভাজন হিন্দুসকলৰ ওপৰত জাপি দিয়া হৈছিল । হিন্দুসকলে অখণ্ড ভাৰতত থাকিব বিচাৰিছিল । মুখ্যমন্ত্ৰীয়ে ভাৰত বিভাজনৰ বাবে দোষী কৰিব পৰা একমাত্ৰ ব্যক্তি হ'ল মুহম্মদ আলী জিন্না আৰু মুছলীম লীগ ।

সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, বিজেপিৰ নেতা জয়ন্ত দাস, তপন চন্দ্ৰ দাস আদি উপস্থিত আছিল । সভাৰ আৰম্ভণিতে শুক্লেশ্বৰ ঘাটৰ পৰা প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহলৈ এক মৌন সমদল‌ উলিওৱা হয় । মাছখোৱা প্ৰেক্ষাগৃহৰ সন্মুখ ভাগত ৰাইজৰ বাবে ১৯৪৭ চনৰ সেই এক ক’লা অধ্যায়ৰ কিছু দৃশ্য প্ৰদৰ্শনী কৰা হয় ।

লগতে পঢ়ক: Constituency Delimitation: স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব পুনৰ নিৰ্ধাৰিত সমষ্টিবোৰত পৰৱৰ্তী কাম-কাজ

Last Updated : Aug 14, 2023, 11:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.