গুৱাহাটী, 4 জুনঃ নকল সোণ বিক্ৰীৰ অভিযোগত পাণবজাৰ আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে 4 জন লোকক ৷ ফাঁচীবজাৰৰ নয়ন ধৰ নামৰ এজন সোণাৰীক নকল সোণ বিক্ৰী কৰি 10 লাখ টকা লৈ গৈছিল লোক কেইজনে ৷ আৰক্ষীয়ে মালিগাঁও,দিছপুৰ,নুনমাটি আৰু চান্দমাৰীৰ পৰা সুব্ৰত দাস,নাচিদ আহমেদ,উত্তম হালদাৰ আৰু প্ৰমথেশ দিহিঙীয়া নামৰ 4 জন লোকক গ্ৰেপ্তাৰ কৰে ৷ সুব্ৰত দাসৰ হোজাইৰ হোজাইৰ বাসগৃহৰ পৰা 7 লাখ 30 হাজাৰ টকাও উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ নয়ন ধৰ নামৰ ব্যক্তিজনে 27 মে'ত এজাহাৰ দাখিল কৰিছিল পাণবজাৰ আৰক্ষী চকীত ৷
আনহাতে একেদিনাই পাণবজাৰ আৰক্ষীয়ে আন এক ঘটনাৰ মূল অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷ মনোজ আগৰৱালা নামৰ পানবজাৰৰ এজন ব্যক্তিৰ বাসগৃহৰ পৰা বনকৰা যুৱক এজনে পত্নীৰ লগত মিলি 20 লাখ টকা লৈ পলাই গৈছিল ৷ সেই ঘটনাৰ পিচতে পাণবজাৰ আৰক্ষীয়ে টকাসহ আটক কৰে দম্পতীহালক ৷ মাটিত পুতি থোৱা অৱস্থাত 9 লাখ 90 হাজাৰ টকা উদ্ধাৰ কৰে দম্পতীহালৰ পৰা ৷ 2 জুনত মনোজ আগৰৱালা নামৰ লোকজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে টকাসহ আটক কৰে দুই পতী-পত্নীক ৷
লগতে পঢ়কঃ ধলপুৰত চুৰি বাইকসহ ধৃত চোৰ