ETV Bharat / state

BJP Organizational Meeting : নিৰ্বাচনী প্ৰতিশ্ৰুতি নিষ্ঠাৰে পালনৰ আহ্বান ভৱেশ কলিতাৰ - BJP national vice president Baijayant J Panda

ভাৰতীয় জনতা পার্টী, অসম প্ৰদেশৰ উদ্যোগত বুধবাৰে মাছখোৱাস্থিত প্রাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন সাংগঠনিক সভা (Organizational Meeting of Assam state BJP) । উক্ত সাংগঠনিক সভাত বিজেপি অসম প্ৰদেশৰ জিলা সভাপতি, পৌৰপতি, উপ-পৌৰপতি আৰু পাৰিষদসকল উপস্থিত থাকে । উক্ত সভাত দলৰ সাংগঠনিক বিষয় সন্দৰ্ভত আলোচনা কৰাৰ লগতে দলৰ আগন্তুক কাৰ্যপন্থাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়।

BJP
BJP
author img

By

Published : Dec 21, 2022, 8:17 PM IST

গুৱাহাটী, ২১ ডিচেম্বৰ : ভাৰতীয় জনতা পার্টী, অসম প্ৰদেশৰ উদ্যোগত বুধবাৰে মাছখোৱাস্থিত প্রাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন সাংগঠনিক সভা (Organizational Meeting of Assam state BJP) । উক্ত সাংগঠনিক সভাত বিজেপি অসম প্ৰদেশৰ জিলা সভাপতি, পৌৰপতি, উপ-পৌৰপতি আৰু পাৰিষদসকল উপস্থিত থাকে । উক্ত সভাত দলৰ সাংগঠনিক বিষয় সন্দৰ্ভত আলোচনা কৰাৰ লগতে দলৰ আগন্তুক কাৰ্যপন্থাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় (Assam State BJP president Bhabesh Kalita) ।

বিজেপিৰ সাংগঠনিক সভা
বিজেপিৰ সাংগঠনিক সভা

সভাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা (BJP national vice president Baijayant J Panda), সাধাৰণ সম্পাদিকা ড০ পুৰন্দেশ্বৰী, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদকদ্বায় দিপ্লু ৰঞ্জন শৰ্মা আৰু পুলক গোঁহাই উপস্থিত থাকে ৷

সভাত ভাষণ প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে পৌৰসভা নিৰ্বাচনত এলেকাসমূহৰ জনসাধাৰণে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰৰ বলিষ্ঠ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ আৰু ভাৰতীয় জনতা পার্টীয়ে দিয়া সেই অঞ্চলসমূহৰ দ্ৰুত উন্নয়নৰ প্ৰতিশ্ৰুতিৰ প্ৰতি আকৰ্ষিত হৈ দলীয় প্রার্থীসকলক বিপুল ভোট প্রদান কৰি নিৰ্বাচিত কৰিছিল । সেয়েহে ৰাজ্যিক সভাপতিগৰাকীয়ে নির্বাচিত প্রতিনিধিসকলক ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায় ।

ভৱেশ কলিতাই লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাইজৰ কল্যাণার্থে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ দলীয় কার্যকতাসকলক আহ্বান জনায় । সভাত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই নিৰ্বাচিত পাৰিষদসকলক নিজ নিজ অঞ্চলৰ উন্নয়মূলক কাম-কাজৰ লগতে উক্ত অঞ্চলসমূহত দলীয় সংগঠনো শক্তিশালী কৰাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এতিয়াৰে পৰাই কঁকালত টঙালি বান্ধি নিৰ্বাচনী প্ৰস্তুতিত নামিছে বিজেপি । এই সন্দৰ্ভত ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দই বিস্তৃত কাৰ্যসূচী যুগুত কৰি দলটোৰ কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, বিধায়ক তথা দলৰ কেন্দ্ৰীয় স্তৰৰ পৰা তৃণমূল স্তৰৰ বিষয়ববীয়ালৈ নিৰ্দেশনা জাৰি কৰিছে ।

তাৰেই পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলা তথা বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলবোৰত এনে সাংগঠনিক সভা অনুষ্ঠিত হৈ আহিছে । বিশেষকৈ বিজেপি চৰকাৰৰ জনমুখী আঁচনিবোৰ ৰাইজৰ মাজলৈ লৈ যোৱা, ভোটাৰ ৰাইজৰ জ্ঞাতাৰ্থে বিভিন্ন আঁচনি সন্দৰ্ভত প্ৰচাৰ চলোৱা তথা ইয়াৰ দ্বাৰা ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক :Rabindra Bhawan in Guwahati: শীঘ্ৰে হাতুৰীৰ কোব পৰিব ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনত !

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.