ETV Bharat / state

2024 Lok Sabha Election : ফেব্ৰুৱাৰীত অসম বিজেপিত সাংগঠনিক সালসলনিৰ সম্ভাৱনা - ওদালগুৰি সমষ্টি

2024 ৰ লোকসভা নিৰ্বাচনৰ (2024 Lok Sabha Election) বাবে প্ৰস্তুতি তুংগত উঠিছে শাসকীয় দলৰ লগতে বিৰোধীৰ ৷ ইফালে এই প্ৰস্তুতিত আঁউল লগাইছে সমষ্টি পুনৰ নিৰ্ধাৰণে ৷ তাৰ মাজতে বিজেপিৰ সাংগঠনিক সাল-সলনি হ’ব বুলিও চলিছে চৰ্চা ৷

2024 Lok Sabha Election
ফেব্ৰুৱাৰীত অসম বিজেপিত সাংগঠনিক সালসলনিৰ সম্ভাৱনা
author img

By

Published : Jan 2, 2023, 10:39 PM IST

গুৱাহাটী, ২ জানুৱাৰী : ২০২৪ৰ লোকসভা নিৰ্বাচনৰ(2024 Lok Sabha Election) প্ৰস্তুতিত ব্যস্ত হৈ পৰিছিল ৰাজ্যৰ প্ৰায় সকলো ৰাজনৈতিক দল৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণে বহু ওলট-পালট লগাই দিলে ৰাজনৈতিক দলৰ সমীকৰণত । অসমত ১৪ টা সমষ্টি থাকিলেও ঘটিব বহু সালসলনি ৷ সেয়ে, নিৰ্বাচনী ৰণকৌশলত আউল লাগিছে কংগ্ৰেছকে ধৰি আন বিৰোধীৰ ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ(Constituency delimitation Assam) ফলত বৰ্তমানৰ একাধিক বিজেপি সাংসদ সমষ্টিহীন হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ তাৰমাজতে লোকসভা নিৰ্বাচনক লৈ নিজৰ নিৰ্বাচনী ৰণকৌশল মতেই আগবাঢ়িছে শাসকীয় বিজেপি ৷ বিজেপিয়ে কাম-কাজ অব্যাহত ৰাখিছে নিজৰ বুথ পৰ্যায়লৈকে ৷

ইফালে আসন্ন অসম বিজেপিৰ সাংগঠিক সালসলনি ৷ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই অসম বিজেপিৰ সাংগঠনিক সালসলনি হ’ব বুলি চৰ্চিত হৈছে (Organisational changes in Assam BJP) ৷ কিয়নো এই জানুৱাৰীতে শেষ হ’ব বৰ্তমান ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল ৷ সেয়ে, ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে অসম ৰজ্যিক বিজেপিৰ নতুন সাংগঠনিক বিষয়ববীয়া ঘোষিত হ’ব ৷

বিজেপিৰ উচ্চস্তৰীয় ভিতৰুৱা সূত্ৰ অনুসৰি ৰাজ্যিক বিজেপিৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত পুৰণিক বিদায় দি নতুনকৈ আন নেতাক দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা আছে ৷ ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ পদ সাংগঠনিক সম্পাদকৰ পদটোৰ সাল সলনি ঘটোৱাৰ পোষকতা কৰিছে বিজেপিৰ মাৰ্গদৰ্শক আৰ এছ এছে ৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদকৰ পদটোত দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰি আছে ফণীন্দ্ৰনাথ শৰ্মাই (Phanindra Nath Sharma Assam BJP)৷ ফণীন্দ্ৰনাথ শৰ্মাৰ ঠাইত আন নতুন সাংগঠনিক সম্পাদকক নিযুক্তি দিয়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে আৰ এছ এছ নেতৃত্বই ৷

কেৱল অসমৰে নহয়, দেশৰ বহুকেইখন ৰাজ্যৰ প্ৰায় ১৬ জন গুৰুত্বপূৰ্ণ সম্পাদকক আৰ এছ এছৰ পৰিমৰ্শমতে সালসলনি কৰাৰ পৰিকল্পনা কৰিছে বিজেপি শীৰ্ষ নেতৃত্বই ৷ ৰাজস্থান, হিমাচল, দিল্লী, পঞ্জাৱ, মধ্য প্ৰদেশত এই সালসলনি ঘটাব বিজেপি নেতৃত্বই ৷ এই লৈ আৰ এছ এছ আৰু বিজেপিৰ উচ্চস্তৰীয় বৈঠকো ইতিমধ্যে হৈ গৈছে ৷

আৰ এছ এছৰে থকা ঘনিষ্ঠতাৰ বাবে ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ অপসাৰণৰ সম্ভাৱনা কম বুলি চৰ্চিত হৈছে ৷ কিন্তু অসমৰ ক্ষেত্ৰত শেষ মুহূৰ্তত যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচাৰে তেতিয়াহে হয়তো ফণীন্দ্ৰনাথ শৰ্মাই পুনৰ ৰাজ্যিক সাংগঠনিক সম্পাদকৰূপে দায়িত্ব লাভ কৰিব পাৰে ৷ কিন্তু আৰ এছ এছ নেতৃত্বক অসন্তুষ্ট কৰি যে মুখ্যমন্ত্ৰীয়ে কিবা কৰিব সেয়া সহজে মনলৈ নহা কথা ৷ এতিয়া অপেক্ষা ফেব্ৰুৱাৰীত ঘোষিত হ’বলগীয়া চূড়ান্ত কমিটিৰ ঘোষণালৈ ৷

২০২৪ত ১৪ খনৰ ভিতৰত ১৩খনেই দখলৰ লক্ষ্য বিজেপিৰ ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি তৎপৰতা অব্যাহত আছে বিজেপিৰ ৷ কিছুসংখ্যক নেতা সমষ্টিহীন হ’ব যদিও সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক হাথিয়াৰ কৰি লোকসভাৰ বাবে বিজেপি আগবাঢ়িব বুলি পতিয়ন গৈছে প্ৰায় সকলো বিৰোধী পক্ষ ৷

লোকসভা নিৰ্বাচনক লৈ ইমান দিনে বিৰোধী পক্ষই কৰি থকা সকলো পৰিকল্পনা একাকাৰ হৈ পৰিল সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে ৷ আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ মুঠ ১৪ খন আসনৰ ভিতৰত ১৩ খনেই দখলৰ লক্ষ্য বিজেপিৰ ৷ ধুবুৰী লোকসভা সমষ্টিক বাদ দি আন ১৩ টা সমষ্টিয়েই ২০২৪ত দখল কৰাৰ বাবে নিৰ্বাচনী ৰণকৌশল ৰচিছে বিজেপিয়ে ৷

বহুতৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণ এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ অসমত প্ৰধান ঢাল হ’ব ৷ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈয়ে এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে বিজেপি ৷ সেয়ে সমষ্টিয়ে সমষ্টিয়ে বিজেপিয়ে ইতিমধ্যে দায়িত্ব দিছে জ্যেষ্ঠ নেতাক ৷ ২০২৪ৰ নিৰ্বাচনলৈ কঁকালত টঙালী বান্ধি বিজেপিয়ে বিৰোধীৰ হাতত থকা ধুবুৰী, বৰপেটা, নগাঁও আৰু কলিয়াবৰ এই ৪ টা লোকসভা সমষ্টিৰ তিনিটা দখলৰ বাবে ৷

এই ৩ খন আসনৰ বাবে সমষ্টিয়ে সমষ্টিয়ে ৰাজ্যিক বিজেপিৰ লগতে ৰাষ্ট্ৰীয় বিজেপিয়ে ভাগে ভাগে দায়িত্ব দিছে সৰু-বৰ-মুধাফুটা নেতাক ৷ ধুবুৰীক বাদ দি কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ, নগাঁও আৰু বৰপেটা দখল কৰি কংগ্ৰেছক উৎখাত কৰাৰ লক্ষ্য বিজেপিৰ ৷ এই উদ্দেশ্যেৰে সাংগঠনিক ভেঁটি শক্তিশালী ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক(Union minister Kiren Rijiju) দায়িত্ব অৰ্পণ কৰিছে বিজেপি কেন্দ্ৰীয় নেতৃত্বই ৷

কলিয়াবৰৰ দায়িত্ব দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক (Union minister Sarbananda Sonowal)৷ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাক দায়িত্ব দিয়া হৈছে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ ৷ নগাঁও সমষ্টিৰ দায়িত্ব দিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক ৷ বি টি আৰৰ অন্তৰ্গত বৰ্তমানৰ একমাত্ৰ লোকসভা সমষ্টি কোকৰাঝাৰৰো দায়িত্ব দিছে ৰামেশ্বৰ তেলীক ৷ লগতে দায়িত্ব দিছে সাংসদ ভূৱনেশ্বৰ কলিতাক ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে কোকৰাঝাৰত বিজেপিয়ে নিজা প্ৰাৰ্থী দি নতুনকৈ গঠন হোৱাৰ সম্ভাৱনা থকা ওদালগুৰি সমষ্টি ইউ পি পি এলক এৰি দিব (New constituency in Assam)৷ অসম গণ পৰিষদৰ বিশেষ ভিত্তি থকা বৰপেটা সমষ্টি এইবাৰ অগপক নিদিয়ে বিজেপিয়ে ৷ বৰপেটাত নিজা প্ৰাৰ্থী আগবঢ়াব বিজেপিয়ে ৷

বৰপেটাৰ পৰিৱৰ্তে ধুবুৰী সমষ্টিহে অগপলৈ আগবঢ়াব লোকসভাৰ প্ৰতিদন্দিতাৰ বাবে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে বৰপেটা সমষ্টিত নলবাৰীৰ লগতে এটা নতুন সমষ্টি সংযুক্ত হোৱাৰ সম্ভাৱনা আছে ৷ সেয়ে বৰপেটা নিজৰ হাতত ৰাখিব বিজেপিয়ে ৷

লগতে পঢ়ক: Karnataka Congress president: হাইকমাণ্ডে সিদ্ধান্ত ল’ব কোন হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী; শিৱকুমাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.