ETV Bharat / state

Opposition political party meeting: মাউখে উটিলে মৰণ নাই ! হোটেল লিলিত কংগ্ৰেছসহ 11 টা বিৰোধী দলৰ ৰুদ্ধদ্বাৰ বৈঠক

author img

By

Published : Apr 27, 2023, 9:50 PM IST

গুৱাহাটীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত ১১টা বিৰোধী ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ বৈঠক (Opposition party meeting in Guwahati) । বিজেপিক প্ৰতিহত কৰাৰ ৰণকৌশল বিৰোধী শক্তিৰ ।

Opposition party meeting at Guwahati
কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১১টা বিৰোধী দল

গুৱাহাটী, ২৭ এপ্ৰিল: বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১১টা বিৰোধী দল । বৃহস্পতিবাৰে এই ১১টা বিৰোধী দলে দ্বিতীয়বাৰৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (Opposition party meeting at Guwahati) । ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত অনুষ্ঠিত হৈছিল বৈঠক । ইয়াৰ পিচত আজি অৰ্থাৎ বৃহস্পতিবাৰে নিশা মহানগৰীৰ হোটেল লিলিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক । ইয়াত উপস্থিত থাকে নিমন্ত্ৰিত ১১ টাকৈ ৰাজনৈতিক দলৰ নেতৃত্ব (AICC General Secretary at Guwahati Meeting) ।

জানিব পৰা মতে, আম আদমী পাৰ্টীৰ প্ৰতিনিধিৰ বাহিৰে প্ৰায় সকলো ৰাজনৈতিক দলৰ মূৰব্বী তথা নেতৃত্ব উপস্থিত থাকে বৈঠকত (Congress preparation of Lok Sabha Election) । কংগ্ৰেছে আয়োজন কৰা গুৰুত্বপূৰ্ণ বৈঠকখনত ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল), আঞ্চলিক গণ মৰ্চা, তৃণমূল কংগ্ৰেছ, আৰ জে ডি, এন চি পি আদি দলৰ নেতৃত্বই অংশ গ্ৰহণ কৰে । এ আই ইউ ডি এফক বাদ দি ১১ টা দলে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰূপৰেখা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে । বিৰোধী দলকেইটাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য বিজেপিক প্ৰতিহত কৰা (Opposition party meeting in Assam) ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ১০ মাৰ্চত অনুষ্ঠিত প্ৰথমখন বৈঠকত এ আই ইউ ডি এফৰ উপৰি আম আদমী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছে স্থান পোৱা নাছিল । এইবাৰ আম আদমী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছক আমন্ত্রণ জনোৱা হৈছে (APCC latest news)। বিৰোধীৰ ঐক্যবদ্ধ বৈঠকত বিজেপিক প্ৰতিহত কৰাৰ দিশত বিশদভাৱে আলোচনা কৰা হয় । উক্ত বৈঠকত জীতেন্দ্ৰ সিঙে আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিৰোধী দলসমূহৰ মতামত গ্ৰহণ কৰাৰ লগতে বিভিন্ন বিষয় আলোচনা কৰে । বৈঠকখনত বিজেপিৰ বিৰুদ্ধে কেনেদৰে একত্ৰিতভাৱে কাম কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয় ।

বিৰোধী ঐক্যবদ্ধ হোৱা গুৰুত্বপূৰ্ণ বৈঠকখনত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথে,কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ উপৰি ১১টা বিৰোধী দলৰ নেতৃত্ব উপস্থিত থাকে (State Congress in charge Jitendra Singh)।

উল্লেখ্য যে, এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ দায়িত্বত থকা জীতেন্দ্র সিং দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় । গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে পুৱা প্রথম পৰ্যায়ত তেওঁ ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিৰ দলীয় নেতৃবৃন্দৰ লগত পৃথকে পৃথকে আলোচনাত মিলিত হয় । আনহাতে, কাইলৈ ৬ টা লোকসভা সমষ্টিৰ দলীয় নেতৃবৃন্দৰ সৈতে সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হ'ব । অৱশ্যে কংগ্ৰেছৰ দখলত থকা তিনিটা লোকসভা সমষ্টিক লৈ নহয় কোনো ধৰণৰ আলোচনা ।

উল্লেখ্য যে, ১৫ বছৰ শাসনত থকা কংগ্ৰেছে এটাৰ পাছত আনটোকৈ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈ আহিছে । সেয়ে কংগ্ৰেছে আৰু পৰাজয়ৰ মুখ দেখিব বিচৰা নাই । যাৰ বাবে বিগত বিধানসভা নিৰ্বাচনৰ দৰে পুনৰ বিৰোধী শক্তিক একত্ৰিত কৰাৰ প্ৰয়াসত অৱতীৰ্ণ হৈছে কংগ্ৰেছ । ইয়াৰ বাবে বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ বাবে কংগ্ৰেছে বিশেষ উদ্যোগ গ্ৰহণ কৰি কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছে । আনহাতে, কংগ্ৰেছে মে'ৰ মাজ ভাগত বিৰোধী দলসমূহক লৈ এক সন্মিলন অনুষ্ঠিত কৰাৰো প্ৰস্তুতি চলাইছে ।

লগতে পঢ়ক: Formalin detected in fish: নগাঁ‌ৱত ফৰ্মেলিনযুক্ত মাছ বিক্ৰীৰ বিৰুদ্ধে সৰৱ যুৱ ছাত্ৰ পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.