ETV Bharat / state

ঋণ মঞ্জুৰ নোহোৱাৰ বাবে BAJAJ ফাইনেন্সৰ বিষয়াক হত্যাৰ চেষ্টা - BAJAJ ফাইনেন্স বিষয়াক হত্যাৰ চেষ্টা

মহানগৰীৰ বোন্দা চপাইদাঙত নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা । ঋণ নিদিয়াৰ বাবে অভিমন্যু দাস নামৰ এজন ঠিকাদাৰে বাজাজ ফাইনেন্স কোম্পানীৰ এজন বিষয়াক প্ৰহাৰ কৰাৰ লগতে এয়াৰ গানেৰে গুলিয়াই হত্যাৰ চেষ্টা চলায় ৷

one man try to kills finance employee
ঋণ মঞ্জুৰ নোহোৱাৰ BAJAJ ফাইনেন্স বিষয়াক হত্যাৰ চেষ্টা
author img

By

Published : Nov 16, 2021, 10:27 PM IST

গুৱাহাটী, ১৬ নৱেম্বৰ : মহানগৰীৰ বোন্দা চপাইদাঙত হয় এক ভয়ংকৰ ঘটনা । ঋণ নিদিয়া বাবে অভিমন্যু দাস নামৰ এজন ঠিকাদাৰে BAJAJ ফাইনেন্স কোম্পানীৰ এজন বিষয়াক প্ৰহাৰ কৰাৰ লগতে এয়াৰ গানেৰে গুলি চলাই হত্যাৰ চেষ্টা চলায় ।

হিন্দী চিনেমাৰ কাইদাৰে অভিমন্যু দাস নামৰ লোকজনে উলিয়াই লৈছিল নিজৰ এয়াৰ গানটো । প্ৰথমে ঋণ সংক্ৰান্তীয় কথাক লৈ বাদানুবাদ আৰু তাৰ পিছত বাজাজ ফাইনেন্স কোম্পানীৰ বিষয়া গৰাকীক উদ্দেশ্যি গুলি চালনা । অৱশ্যে এই গুলী চালনাৰ ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে ফাইনেন্স কোম্পানীটোৰ বিষয়া গৰাকী ।

স্বাভাৱিকতে সোমবাৰে নিশাৰ ভাগত চপাইদাঙত গুলিচালনাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ৷ ঘটনাৰ বিৱৰণি অনুসৰি, বোন্দাৰ চপাইদাং অঞ্চলৰ বাসিন্দা তথা ঠিকাদাৰ অভিমন্যু দাসে বাজাজ ফাইনেঞ্চৰ পৰা শীত-তাপ নিয়ন্ত্ৰিত এটা এ চি ক্ৰয় কৰাৰ বাবে ঋণৰ আবেদন কৰিছিল ।

ঋণ মঞ্জুৰ নোহোৱাৰ BAJAJ ফাইনেন্স বিষয়াক হত্যাৰ চেষ্টা

পিছে ঋণৰ বাবে আবেদন কৰা লোকজনে পৰ্যাপ্ত নথি-পত্ৰ জমা নিদিয়াৰ বাবে বাজাজ ফাইনেঞ্চৰ ঋণ অনুমোদিত হোৱা নাছিল । ইয়াকে লৈ খঙত অগ্নিশর্মা হৈ পৰে অভিমন্যু দাস নামৰ লোকজন । সেয়ে সোমবাৰে ঋণৰ নথি-পত্ৰ আনিবলৈ বোন্দাৰ চপাইদাঙৰ ঘৰলৈ বাজাজ ফাইনেঞ্চৰ বিষয়া গৰাকীক মাতি পঠিয়ায় ।

সেই অনুসৰি বিয়লি ভাগত ফাইনেঞ্চ কোম্পানীটোৰ বিষয়া অভিষেশ সুমনৰ নেতৃত্বত 4 জনীয়া দল এটা লোকজনৰ ঘৰত উপস্থিত হয় । ঘৰত উপস্থিত হোৱাৰ লগে লগে অভিযুক্ত অভিমন্যু দাসে আজিলৈ কিয় ঋণৰ কাম হোৱা নাই বুলি কৈ অভিষেশ সুমন নামৰ বিষয়া গৰাকীক বেয়া ভাষাৰে গালি গালাজ কৰাৰ লগতে প্ৰহাৰো কৰে ।

ইয়াতে ক্ষান্ত নাথাকি উদণ্ড লোকজনে নিজৰ ঘৰৰ ভিতৰৰ পৰা এয়াৰ গান এটা উলিয়াই কোম্পানীৰ বিষয়া গৰাকীক উদ্দেশ্যি গুলি চালনা কৰে । অৱশ্যে এই গুলী চালনাত কথমপি প্ৰাণ ৰক্ষা পৰে অভিষেশ সুমন নামৰ ফাইনেঞ্চ কোম্পানীটোৰ বিষয়া গৰাকী ৷

ইফালে এই ঘনাটো সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত অভিমন্যু দাসে । ঘটনা সন্দৰ্ভত ফাইনেন্স কোম্পানীটোৰ তৰফৰ পৰা প্ৰাগজ্যোতিষপুৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ড বিধি আইনৰ R/W section 24 of Arms act ৰ অধীনত 294/325/34 গোচৰ ৰুজু কৰি তদন্ত পক্ৰিয়া অব্যাহত ৰাখিছে ।

মঙলবাৰে আৰক্ষীয়ে বোন্দাৰ চপাইদাঙৰ অভিমন্যু দাসৰ ঘৰত অভিযান চলায় এয়াৰ গানটো জব্দ কৰিবলৈ সক্ষম হয় যদিও অভিযুক্ত অভিমন্যু দাসক বাতৰি লিখাৰ পৰলৈ কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক:ফেব্ৰুৱাৰীত নাহৰকটীয়াত শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন : ব্যাপক প্ৰস্তুতি আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.