ETV Bharat / state

'২১ৰ নিৰ্বাচনত ভোট দিব পাৰিব প্ৰবাসী অসমীয়াই - পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন

শীঘ্ৰে অনুষ্ঠিত হ'বলগীয়া অসমসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত সংশ্লিষ্ট ৰাজ্যসমূহৰ যিসকল নাগৰিক বিদেশত বসতি কৰি আছে তেওঁলোকে ডাকযোগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব । সেইসকল লোকলৈ ইলেক্ট্ৰ'নিক মাধ্যমযোগে বেলট প্ৰেৰণ কৰা হ'ব আৰু তেওঁলোকে সেয়া পূৰণ কৰি নিৰ্বাচন আয়োগলৈ পঠিয়াব লাগিব ।

বিধানসভা নিৰ্বাচনত ভোট দিব পাৰিব প্ৰবাসী অসমীয়াই

author img

By

Published : Jan 9, 2021, 5:46 PM IST

গুৱাহাটী, ৯ জানুৱাৰী: বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা অসমৰ লোকসকল, যিসকলৰ নাম অসমৰ ভোটাৰ তালিকাত আছে সেইসকলেও ২০২১ৰ বিধানসভা নিৰ্বাচনত সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা ভোটদান কৰিব পাৰিব । সুদীৰ্ঘ সময়জুৰি বিভিন্ন কূটনৈতিক আঁসোৱাহৰ বাবে প্ৰবাসী ভাৰতীয়সকলে বহিঃৰাষ্ট্ৰৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰাটো সম্ভৱ হৈ উঠা নাছিল । বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি অৱশেষত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত গ্ৰহণ কৰিছে চূড়ান্ত সিদ্ধান্ত ।

বিধানসভা নিৰ্বাচনত ভোট দিব পাৰিব প্ৰবাসী অসমীয়াই
বিধানসভা নিৰ্বাচনত ভোট দিব পাৰিব প্ৰবাসী অসমীয়াই

যোৱা ৪ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এখন বৈঠকত এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয় । ই টিভি ভাৰতে লাভ কৰা তথ্য মতে, ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই বিষয়ে দেশৰ নিৰ্বাচন আয়োগকো অৱগত কৰিছে । সেই অনুসৰি শীঘ্ৰে অনুষ্ঠিত হ'বলগীয়া অসম, পশ্চিমবংগ, পুডুচেৰী, তামিলনাডু আৰু কেৰালাৰ বিধানসভা নিৰ্বাচনত সংশ্লিষ্ট ৰাজ্যসমূহৰ যিসকল নাগৰিক বিদেশত বসতি কৰি আছে তেওঁলোকে ডাকযোগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।

পূৰ্বে এই ব্যৱস্থা নথকাৰ ফলত বিদেশত বাস কৰি অহা বহু সংখ্যক ভাৰতীয় লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হৈ আহিছিল । কিন্তু চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিদেশৰ সেইসকল লোকলৈ ইলেক্ট্ৰ'নিক মাধ্যম যোগে বেলট প্ৰেৰণ কৰা হ'ব আৰু তেওঁলোকে সেয়া পূৰণ কৰি নিৰ্বাচন আয়োগলৈ পঠিয়াব লাগিব ।

লগতে পঢ়ক:পত্নী-কন্যাক হত্যা কৰি অৱশেষত হত্যাকাৰীৰো মৃত্যু ৰাইজৰ প্ৰহাৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.