ETV Bharat / state

আমিনগাঁৱত অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু CITUৰ প্ৰতিবাদ - PROTEST

আমিনগাঁৱত অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু CITUৰ সদস্য সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলৰ বহু সমস্যা সমাধানৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

AMINGAON ANGANBARI WORKER & HELPER PROTEST_
আমিনগাঁৱত অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু CITUৰ প্ৰতিবাদ
author img

By

Published : Nov 21, 2020, 5:43 PM IST

বাইহাটা চাৰিআলি, 21নৱেম্বৰ : শনিবাৰে কামৰূপ জিলা সদৰ আমিনগাঁৱত অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু CITUৰ সদস্য সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । সহস্ৰাধিক অংগনবাড়ী কৰ্মী সহায়িকাই চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

আমিনগাঁৱত অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু CITUৰ প্ৰতিবাদ

অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলৰ চাকৰী নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়া, পূৰ্বৰ মাননী সলনি কৰি প্ৰাপ্য মজুৰি আদায় দিয়া, অৱসৰ কালীন অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলক চৰকাৰী পেঞ্চন আদায়ৰ ব্যৱস্থা কৰাৰ বাবে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু CITUয়ে আয়োজন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কামৰূপ জিলাৰ প্ৰায় দুই সহস্ৰাধিক অঙ্গনবাড়ী কৰ্মী সহায়িকা আৰু শ্ৰমিকে । প্ৰতিবাদী অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে দাবী সমূহ সমাধানৰ বাবে কামৰূপ জিলা সমাজ কল্যাণ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

অন্য এক খবৰৰ বাবে: দহ বছৰে কৰ্মচাৰী উপস্থিত নোহোৱা বনবিভাগৰ এটা কাৰ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.