ETV Bharat / state

লক্​ ডাউনৰ মাজতো পূৰ্বোত্তৰ ৰে'লৱে অব্যাহত ৰাখিছে অত্যাৱশ্যকীয় সেৱা

author img

By

Published : May 2, 2020, 8:34 PM IST

Updated : May 2, 2020, 8:51 PM IST

ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰিহে বহিঃৰাজ্যত আৱদ্ধ লোকৰ বাবে বিশেষ ৰে'ল চলাচল কৰা হ'ব বুলি উল্লেখ কৰে জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে। ইফালে প্ৰতিটো মুহূৰ্ততে ৰে'ল ষ্টেচন তথা পৰিসৰসমূহ চাফচিকুণ তথা ছেনিটাইজ কৰি আছে ৰে'ল বিভাগে। তদুপৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱে বহুকেইখন ৰে'লত COVID 19 ৰোগীৰ বাবে ৩১৫টা আইছ'লেছন কক্ষ প্ৰস্তুত কৰি ৰাখি হৈছে।

লক্​ ডাউনৰ মাজত ৰে'ল চলাচলৰ ক্ষেত্ৰত মানিবলগীয়া নিৰ্দেশনাৱলী

গুৱাহাটী, 2 মে : দেশজুৰি বৃদ্ধি কৰা হৈছে লক্​ ডাউন। চৰকাৰী নিৰ্দেশ অনুসৰি অহা ১৭ মে' পৰ্যন্ত বন্ধ থাকিব সকলো যাত্ৰীবাহী ৰে'লৰ চলাচল। কিন্তু পূৰ্বৰ দৰেই এই সময়চোৱাতো অব্যাহত থাকিব মালবাহী ৰে'লৰ চলাচল । বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী অনা নিয়াৰ ক্ষেত্ৰত ৰে'ল বিভাগে লৈছে এক গুৰুত্বপূৰ্ণ ভূমিকা । এই পৰ্যন্ত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অন্তৰ্গত প্ৰায় ৬৬০ খন মালবাহী ৰে'ল চলাচল কৰিছে । তাৰোপৰি ৮০ খনকৈ বিশেষ ৰে'লেৰে বিভাগটোৱে মেডিকেল সামগ্ৰী, কণী, গাখীৰ আদি সৰবৰাহ কৰিছে বুলি প্ৰকাশ কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।

ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰিহে বহিঃৰাজ্যত আৱদ্ধ লোকৰ বাবে বিশেষ ৰে'ল চলাচল কৰা হ'ব বুলি উল্লেখ কৰে জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে । ইফালে প্ৰতিটো মুহূৰ্ততে ৰে'ল ষ্টেচন তথা পৰিসৰসমূহ চাফচিকুণ তথা ছেনিটাইজ কৰি আছে ৰে'ল বিভাগে। তদুপৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱে বহুকেইখন ৰে'লত COVID 19 ৰোগীৰ বাবে ৩১৫টা আইছ'লেছন কক্ষ প্ৰস্তুত কৰি ৰাখি হৈছে। পৰ্যায়ক্ৰমে কৰ'ণা ৰোগী বৃদ্ধি হ'লে সেইসমূহ কক্ষ ব্যৱহাৰ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে । উল্লেখযোগ্য যে, নিউ বঙাইগাঁও ৱৰ্কশ্বপে নিজাববীয়াকৈ পিপি আই কীট, ছেনিটাইজাৰ আদি প্ৰস্তুত কৰি উলিয়াইছে বুলিও জনায় বিষয়াগৰাকীয়ে ।

Last Updated : May 2, 2020, 8:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.