ETV Bharat / state

স্থানান্তৰ নহয় টাটা টীৰ কাৰ্যালয়

30 এপ্ৰিলৰ ভিতৰত কলিকতালৈ টাটা টীৰ কাৰ্যালয় স্থানান্তৰ কৰা হ’ব বুলি অহা এক খবৰৰ বাবে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ টাটা টী কোম্পানীয়ে তেনে সিদ্ধান্ত নলয় বুলিও নিশ্চয়তা প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

no-change-in-tata-tea-office
স্থানান্তৰ নহয় টাটা টিৰ কাৰ্যালয়
author img

By

Published : Apr 11, 2021, 10:59 PM IST

নিউজ ডেক্স,11 এপ্ৰিল: অসমৰ চাহেৰে বজাৰ দখল কৰা বিশ্বৰ এটা অন্যতম সৰ্ববৃহৎ চাহ কোম্পানী টাটা টী ৷ পিছে এইবাৰ কোম্পানীটোত লাগিছে কেণা ৷ কিয়নো 30 এপ্ৰিলৰ ভিতৰত কলিকতালৈ টাটা টীৰ কাৰ্যালয় স্থানান্তৰ কৰা হ’ব বুলি অহা এক খবৰৰ বাবে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

স্থানান্তৰ নহয় টাটা টিৰ কাৰ্যালয়

এই খবৰ শুনি নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে ভাবুকিও প্ৰদান কৰিলে চাহ কোম্পানীটোক ৷ অসমত ব্যৱসায় কৰিলে অসমৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব বুলি টাটা টীক সকীয়নি দিয়ে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ৷ এই ঘটনাৰ দুদিন পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ বিষয়টো সন্দৰ্ভত তেলীয়ে কেন্দ্ৰীয় বাণিজ্যিক মন্ত্ৰী পীযুষ গোৱেলৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ লগতে টাটা টীয়ে তেনে সিদ্ধান্ত নলয় বুলিও নিশ্চয়তা প্ৰদান কৰে ৷

লগতে পঢ়ক : হৰ্ছ ট্ৰেডিঙৰ ভূতে খেদিছে কংগ্ৰেছ মহাজোঁটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.