গুৱাহাটী,29 মে': কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ ঘাতকৰ হাতত প্ৰাণ দিবলগীয়া হৈছিল নিলোৎপল দাস আৰু অভিজিৎ নাথে । দিনটো পাহাৰীয়া সৌন্দৰ্য উপভোগ কৰি উভতি অহাৰ পথত কাৰ্বি আংলঙৰ কাংঠিলাংচুত প্ৰায় অৰ্ধ শতাধিক লোকৰ বৰ্বৰতাৰ বলি হৈছিল দুই বন্ধু নিলোৎপল আৰু অভিজিৎ। কিন্তু আজিও অসম্পূৰ্ণ অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ৷ ন্যায়পালিকাৰ দীঘলীয়া প্ৰক্ৰিয়াই শংকিত কৰি তুলিছে অভি-নীলৰ পিতৃ-মাতৃক ৷ নিজ পুত্ৰৰ হত্যাকাৰীৰ শাস্তিৰ বাবে অপেক্ষা কৰি পাৰ পোৱা নাই দুৰ্ভগীয়া পৰিয়াল দুটাই ৷ সময়ৰ সোঁত আৰু বিচাৰৰ দীঘলীয়া প্ৰক্ৰিয়াই পুত্ৰ হত্যাকাৰীক মুকলি আকাশৰ তললৈ নিব বুলি আশংকা কৰিছে অভি-নীলৰ পৰিয়ালৰ ৷
আজি অভি-নীলৰ মৃত্যুবাৰ্ষিকী - dokmoka case
দেশ কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডই সম্পূৰ্ণ কৰিলে এটা বছৰ ৷ আজিও ন্যায়ৰ অপেক্ষাত অভি নীলৰ পিতৃ মাতৃ ৷
![আজি অভি-নীলৰ মৃত্যুবাৰ্ষিকী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3416512-thumbnail-3x2-abhi.jpg?imwidth=3840)
গুৱাহাটী,29 মে': কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ ঘাতকৰ হাতত প্ৰাণ দিবলগীয়া হৈছিল নিলোৎপল দাস আৰু অভিজিৎ নাথে । দিনটো পাহাৰীয়া সৌন্দৰ্য উপভোগ কৰি উভতি অহাৰ পথত কাৰ্বি আংলঙৰ কাংঠিলাংচুত প্ৰায় অৰ্ধ শতাধিক লোকৰ বৰ্বৰতাৰ বলি হৈছিল দুই বন্ধু নিলোৎপল আৰু অভিজিৎ। কিন্তু আজিও অসম্পূৰ্ণ অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ৷ ন্যায়পালিকাৰ দীঘলীয়া প্ৰক্ৰিয়াই শংকিত কৰি তুলিছে অভি-নীলৰ পিতৃ-মাতৃক ৷ নিজ পুত্ৰৰ হত্যাকাৰীৰ শাস্তিৰ বাবে অপেক্ষা কৰি পাৰ পোৱা নাই দুৰ্ভগীয়া পৰিয়াল দুটাই ৷ সময়ৰ সোঁত আৰু বিচাৰৰ দীঘলীয়া প্ৰক্ৰিয়াই পুত্ৰ হত্যাকাৰীক মুকলি আকাশৰ তললৈ নিব বুলি আশংকা কৰিছে অভি-নীলৰ পৰিয়ালৰ ৷
Body:অভি নীল ৰ ঘটনাৰ আজি এবছৰ সম্পূৰ্ণ হোৱাৰ পথত মাজত মাথোঁ কেইটামান দিন । কিন্তু আজিলৈ ঘটনাৰ লগত জড়িত অপৰাধীয়ে পোৱা নাই কোনো শাস্তি। নীলৰ পিতৃয়ে কলে ঘটনা সন্দৰ্ভত ন্যায়ালয় ত গোচৰ চলি থকাৰ কথা। বৰ্তমানলৈ 20 গৰাকী অচামীক চিনাক্ত কৰা হৈছে আৰু 17 গৰাকী সাক্ষ্য লোৱা হৈছে। কিন্তু 17 গৰাকী সাক্ষীৰ এগৰাকীয়ে ঘটনাৰ বিপৰীতে সাক্ষ্য দান কৰিছে। যাৰ ফলত সমগ্ৰ গোচৰ প্ৰক্ৰিয়াত বিলম্ব হোৱা পৰিলক্ষিত হৈছে বুলি কলে নিলোৎপাল ৰ পিতৃয়ে। লগতে 20 জন আচামীৰ জামিনৰ বাবে ন্যায়ালয়ত তেওঁলোকৰ উকীলে চেষ্টা চলাইছে বুলি জানিবলৈ দিলে নিলৰ পিতৃয়ে। লগতে অভি নীলৰ ঘটনাক বিজন মহাজনৰ দৰে বিজ্ঞ উকীলে সমৰ্থন কৰাত আশ্বস্ত হৈছে নীলৰ পিতৃ।
Conclusion: