ETV Bharat / state

নতুন চৰকাৰৰ এমাহ সম্পূৰ্ণ: শিশু সেৱা আঁচনি মুকলি

এমাহ সম্পূৰ্ণ হ’ল ৰাজ্যৰ নতুন চৰকাৰৰ ৷ বৃহস্পতিবাৰে প্ৰথম মাহপূৰ্তিৰ লগত সংগতি মুখ্যমন্ত্ৰী শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে এখন শিশু সেৱা আঁচনি(Child Care Scheme) ৷ এই শিশু সেৱা আঁচনি(Child Care Scheme)খনৰ লগতে বহু কেইখন আঁচনিৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

author img

By

Published : Jun 12, 2021, 10:50 AM IST

নতুন চৰকাৰৰ এমাহ সম্পূৰ্ণঃ শিশু সেৱা আঁচনি মুকলি

গুৱাহাটী, 12 জুন : ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালৰ প্ৰথম মাহপূৰ্তিৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি(Child Care Scheme)খন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । এই উপলক্ষে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক’ভিড-১৯ ত পিতৃ-মাতৃৰ মৃত্যু হোৱা কিছু সংখ্যক হিতাধিকাৰীক বিত্তীয় সাহায্যৰ ধনৰাশিৰ প্ৰথম মাহৰ সাহায্যৰ চেক, ম্যাদী জমাৰ প্ৰমাণ পত্ৰ, একোটাকৈ লেপটপ আৰু উপহাৰৰ টোপোলা প্ৰদান কৰে ।

উল্লেখ্য যে, এই আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীৰ নামত ৰাজ্য চৰকাৰে বেংকত ৭,৮১,২০০ টকাৰ ধনৰাশি ম্যাদী জমা কৰিব । এই ম্যাদী ধনৰাশিৰ সুদৰ পৰা হিতাধিকাৰীগৰাকীয়ে ২৪ বছৰ নোহাোৱা পর্যন্ত প্ৰতি মাহে ৩৫০০ টকাৰ বিত্তীয় সাহায্য লাভ কৰিবলৈ সক্ষম হ’ব । হিতাধিকাৰীগৰাকীৰ ২৪ বছৰ সম্পূর্ণ হলে এই জমাকৃত ম্যাদী ধনৰাশিৰ মূলধন প্ৰতিগৰাকী হিতাধিকাৰীৰ নিজৰ একাউণ্টলৈ হস্তান্তৰিত কৰা হ'ব ।

কেন্দ্ৰৰ মোডী চৰকাৰৰ ৭ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে যোৱা ২৯ মে'ত মুখ্যমন্ত্ৰী ড৹ শর্মাই এই আঁচনিখন ঘোষণা কৰিছিল আৰু ঘোষণা কৰাৰ ১০ দিনৰ ভিতৰতে বৃহস্পতিবাৰে এই আঁচনিখনৰ অধীনত হিতাধিকাৰীসকললৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয় । ভাষণ প্ৰসংগত ড৹ শৰ্মাই কয় যে, বর্তমানৰ ৰাজ্য চৰকাৰখনে প্ৰথম মাহ সম্পূর্ণ কৰাৰ এই শুভক্ষণত এই আঁচনিখন বৃহস্পতিবাৰে শুভাৰম্ভ কৰিছে ।

ক’ভিডৰ ফলত নিজৰ পিতৃ-মাতৃক হেৰুওৱা ল'ৰা-ছোৱালীসকললৈ চৰকাৰখনে কিছু সহায়ৰ হাত আগবঢ়াব পাৰি যথেষ্ট সুখী বুলিও তেওঁ মন্তব্য কৰে । এই আঁচনিখনে পিতৃ-মাতৃহীন এই হিতাধিকাৰীসকলক এক মর্যাদা সম্পন্ন জীৱন-যাপন কৰি নিজৰ ভৱিষ্যত গঢ় দিয়াৰ দিশত বিশেষভাৱে উপকৃত হ’ব বুলি মন্তব্য প্ৰদান কৰে ।

এই আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ২০০০ টকাৰ সাহায্যসহ প্ৰতিগৰাকী শিশুক ৩৫০০ টকাকৈ প্ৰতিমাহে প্ৰদান কৰিব । কোনো অভিভাৱক নোহোৱা ১০ বছৰ তলৰ শিশু ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই শিশুসকলক যিকোনো শিশু সেৱা প্ৰতিষ্ঠানত ভৰ্তি কৰিব আৰু তেওঁলোকৰ শিক্ষা ব্যয়ৰ লগতে অন্যান্য খৰচো বহন কৰিব চৰকাৰে ।

মাউৰা বয়ঃসন্ধিকালৰ কন্যাসকলৰ বাবে চৰকাৰে এক প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত ৰখাৰ ব্যৱস্থা কৰিব যাতে এই শিশুসকলৰ পৰিচর্যা আৰু সুৰক্ষা নিশ্চিত কৰিব পৰা যায় । তেনে এক আৱাসিক বিদ্যালয় হ’ল কস্তুৰবা গান্ধী বালিকা বিদ্যালয় । এই আঁচনিৰ অধীনত চৰকাৰে বিবাহৰ সময়তো বিত্তীয় সাহায্য প্ৰদান কৰিব ।

আঁচনিখনৰ অধীনত প্ৰতিগৰাকী ছোৱালীক বিৱাহৰ সময়ত ‘অৰুন্ধতী’ আঁচনিৰ জৰিয়তে এক তোলাকৈ সোণৰ লগতে ৫০ হাজাৰ টকাৰ বিত্তীয় সাহায্য আগবঢ়াব । এই শিশুসকলৰ দক্ষতা তথা বৃত্তিগত প্ৰশিক্ষণৰ দিশত সহায়ক হোৱাকৈ চৰকাৰে বিদ্যালয়লৈ যোৱা অথবা মহাবিদ্যালয়লৈ যোৱা শিশুসকললৈ একোটিকৈ লেপটপ অথবা টেবলেট প্ৰদান কৰিব । আঁচনিখনে সামৰা সকলো ছাত্ৰ-ছাত্ৰীকে দক্ষতা ভিত্তিক শিক্ষা আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ।

আনহাতে, ক’ভিডত নিজৰ স্বামীক হেৰুওৱা মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আন এখন আঁচনিৰ কথা এই অনুষ্ঠানতে ঘোষণা কৰে । এই আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰে ক’ভিডত আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হোৱা প্ৰতিগৰাকী মহিলালৈ এককালীন ২.৫ লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াব । তদুপৰি এই বিধৱা মহিলাসকলে ‘অৰুণোদয়’ আঁচনিৰ সা-সুবিধা আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ অধীনত বিধৱা পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক: লাভলীনা বৰগোঁহাইক বিধায়ক বিশ্বজিৎ ফুকনৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.