গুৱাহাটী,13 ফেব্ৰুৱাৰী: দেওবাৰে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাবে মুকলি কৰিব খানাপাৰা আৰু গণেশগুৰিস্থিত পদপথৰ 2খনকৈ উৰণীয়া সেঁতু ৷ তাৰ উপলক্ষে শনিবাৰে আটকধুনীয়াকৈ আকৰ্ষণীয় আলোকসজ্জাৰে সজাই তোলা হৈছে দুয়োখন উৰণীয়া সেঁতু ৷
উল্লেখ্য যোগ্য যে,খানাপাৰাৰ পদপথৰ উৰণীয়া সেঁতুখন অতি উন্নত কাৰিকৰী কৌশল প্ৰয়োগ কৰি বাঁহেৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰি তোলা হৈছে ৷ ইপিনে, লোকনিৰ্মাণ বিভাগে মহানগৰী গুৱাহাটীৰ পদপথত 9খনকৈ উৰণীয়া সেঁতু নিৰ্মাণ কৰিব ৷ ইয়াৰে এ বি চি পইণ্ট, খ্ৰীষ্টানবস্তিৰ পদপথৰ উৰণীয়া সেঁতু ইতিমধ্যে ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে ৷
লগতে পঢ়কঃ শোকাকুল পৰিবেশৰ মাজতে হাজোৰ বাসগৃহ পালেহি কৃষ্ণ বৈশ্যৰ মৃতদেহ