ETV Bharat / state

Rohingya Intruders :ৰোহিংগীয়াক বাংলাদেশী সজাই ভাৰতত প্ৰৱেশ কৰোৱা ৪৭ দালালক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 6:38 PM IST

ৰোহিংগীয়া সৰবৰাহকাৰীৰ বিৰুদ্ধে দেশজুৰি অভিযান । ৰোহিংগীয়াক বাংলাদেশী সজাই ভাৰতত অনুপ্ৰৱেশ কৰোৱা ৫ সৰবৰাহকাৰীক অসমত গ্ৰেপ্তাৰ ।

Press conference of SDGAP in Guwahati
অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানৰ সংবাদমেল

গুৱাহাটী, ৮ নৱেম্বৰ: দেশজুৰি বুধবাৰে অবৈধ ৰোহিংগীয়া সৰবৰাহকাৰীৰ বিৰুদ্ধে চলিল তীব্ৰ অভিযান । এন আই এ আৰু বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ সহযোগত ৰোহিংগীয়া সৰবৰাহকাৰীৰ বিৰুদ্ধে এই অভিযান চলে । অভিযানত অবৈধ ভাৱে ৰোহিংগীয়া বাংলাদেশীক ভাৰতত প্ৰৱেশ কৰোৱা ৪৭ দালালৰ লগতে মধ্য়স্থতাকাৰীক গ্ৰেপ্তাৰ কৰে । আজি গুৱাহাটীত আয়োজিত এক সংবাদমেলত এই বিষয়ে সদৰী কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিট সিঙে । তেওঁ কয় যে এই লোকসকলে ৰোহিংগীয়াক বাংলাদেশী সজাই ভাৰতত অনুপ্ৰৱেশ কৰাই আছে ।

অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিট সিঙে উল্লেখ কৰা অনুসৰি ত্ৰিপুৰাত ২৫, অসমত ৫, পশ্চিমবংগত ৩ , কৰ্ণাটকত ৯, হাৰিয়ানাত ১, টেলেংগানাত ১, তামিলনাডুত ৩ জন দালালক এ এন আই এ আৰু বিভিন্ন ৰাজ্যৰ আৰক্ষী গ্ৰেপ্তাৰ কৰিছে । এই কথা বুধবাৰে সংবাদমেল যোগে সদৰী কৰি অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিট সিঙে কয় ," ফেব্ৰুৱাৰীৰ পৰা অবৈধ ৰোহিংগীয়াৰ বিৰুদ্ধে আমাৰ অভিযান আৰম্ভ হৈছিল ৷ কৰিমগঞ্জ আৰক্ষীয়ে বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ ভাৰতৰ বিভিন্ন স্থানলৈ প্ৰৱেশ কৰিবলৈ অহা ৰোহিংগীয়াৰ ৪৫০ জনীয়া এটা দলক ঘূৰাই পঠিয়াই । ইয়াৰ পিছত এছ টি এফে জুলাইত চলোৱা অভিযানত অবৈধভাৱে ৰোহিংগীয়া বালাংদেশীক ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ লৈ সৰবৰাহ কৰা ১০ জন দালালক গ্ৰেপ্তাৰ হয় । "

অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিট সিঙে পুনৰ কয় যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ষ্পৰ্শকাতৰ বিষয়টোৰ তদন্তৰ বাবে NIAক দায়িত্ব দিয়া হৈছিল । আজি সমগ্ৰ দেশত অভিযান চলাই ৪৭ জন দালালক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ সুৰক্ষাৰ সৈতে কোনেও যাতে খেলা কৰিব নোৱাৰে তাৰ বাবে এই অভিযান চলোৱা হৈছে ৷ উল্লেখ্য় যে NIA ৰ ১৭টা দলে এই অভিযান চলাইছিল ৷ অসমত আজিৰ দিনটোত ৫ দালালক গ্ৰেপ্তাৰ কৰা বুলি তেওঁ কয় ।

লগতে পঢ়ক:MLA Aftab Uddin Mollah arrests: নামঘৰীয়াক ধৰ্ষণকাৰী আখ্যা দিয়া বিধায়ক আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.