নিউজ ডেস্ক, 7 আগষ্ট : আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৷ হস্ততাঁত শিল্প আমাৰ সংস্কৃতিক ঐতিহ্য আৰু জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ । অসমীয়া শিপিনীয়ে কাপোৰত তোলা ভমকাফুলীয়া ফুলৰ চানেকি দেখি জাতিৰ পিতা মহাত্মা গান্ধীয়ে(Mahatma Gandhi) অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে বুলি মন্তব্য কৰিছিল । বয়ন শিল্পৰ পৰম্পৰাৰ লগত জড়িত শিপিনীসকলে আজিও এই পৰম্পৰা জীয়াই ৰাখিছে ।
আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু জাতীয় জীৱনৰ অপৰিহাৰ্য অংগ হস্ততাঁত বয়ন শিল্পই ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি তথা জনজীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । অতীতৰে পৰা অসমৰ জনজীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বস্ত্ৰ শিল্পৰ জৰিয়তে গাঁৱৰ মহিলাসকলে অসমৰ অন্যতম বৃহৎ কুটীৰ শিল্প । উৎপাদিত সামগ্ৰীৰ বাণিজ্যিকীকৰণে বয়ন শিল্পক আজি কৃষিৰ পাছতে সৰ্বাধিক আত্মনিয়োগৰ সুবিধা থকা শিল্প হিচাপে পৰিগণিত কৰিছে ।

হস্ততাঁত খণ্ডই ৰাজ্যৰ লক্ষাধিক শিপিনী আৰু সহযোগী কৰ্মীক নিয়োগৰ সুবিধা প্ৰদান কৰাৰ লগতে আন বহুতো লোকে এই শিল্পৰ আনুসংগিক অন্যান্য কৰ্মত পৰোক্ষভাৱে নিয়োজিত হৈ আত্মসংস্থাপনৰ পথ মোকলাই লৈছে । অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ন কৰি আহিছে ।
অৱশ্যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৰম্পৰাগত এই শিল্পটোত আধুনিক বৈজ্ঞানিক প্ৰযুক্তিয়েও প্ৰৱেশ কৰিছে । অসমৰ শিপিনীসকলে ৰূপকথা, বিশ্বাস, প্ৰতীকচিহ্ন আৰু কল্পনাৰ নিপুণ সংমিশ্ৰণৰে উৎপাদিত বস্ত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰিছে । ফলস্বৰূপে কাৰিকৰী কৌশলসমূহৰ প্ৰয়োগে শিপিনীসকলৰ উৎপাদন আৰু উপাৰ্জনৰো আমূল পৰিৱৰ্তন ঘটাইছে ।

তাঁতশিল্পৰ আধুনিকীকৰণৰ ক্ষেত্ৰত লোৱা বাস্তৱসন্মত কৰ্মব্যৱস্থা, উন্নত প্ৰযুক্তি আৰু উপযুক্ত পুঁজিৰ বিনিয়োগে বাস্তৱসন্মত কাৰ্যব্যৱস্থা, উন্নত প্ৰযুক্তি আৰু উপযুক্ত পুঁজিৰ বিনিয়োগে ঐতিহ্যমণ্ডিত এই বস্ত্ৰ শিল্পক এক নতুন গতিশীলতা প্ৰদান কৰা দেখা গৈছে । ইতিমধ্যে গণৰাজ্য দিৱসৰ পেৰেডতো অসমৰ প্ৰতীকপটত স্থান লাভ কৰিছে শুৱালকুছিৰ বয়নশিল্পই ৷
লগতে পঢ়ক : শিশুৱে মাকৰ নাম-উপাধি গ্ৰহণ কৰাৰ অধিকাৰ আছে : উচ্চ ন্যায়ালয়