ETV Bharat / state

নন্দিতা কোঁৱৰক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড

author img

By

Published : Apr 8, 2021, 7:02 PM IST

উৎকোচ লৈ হাতে-লোটে ধৰা পৰা এচিএছ বিষয়া নন্দিতা কোঁৱৰক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে বিশেষ ন্যায়াধীশৰ আদালতে । নন্দিতা কোঁৱৰ চৰকাৰী ছপাশালত উপ সঞ্চালক হিচাপে কৰ্মৰত হৈ আছিল ।

নন্দিতা কোঁৱৰক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড
নন্দিতা কোঁৱৰক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড

গুৱাহাটী,৮ এপ্ৰিল: উৎকোচ লোৱাৰ অভিযোগত দোষী সাব্যস্ত হ’ল এচিএছ বিষয়া নন্দিতা কোঁৱৰ । শাস্তি হিচাপে এচিএছ বিষয়া নন্দিতা কোঁৱৰক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড দিছে বিশেষ ন্যায়াধীশৰ আদালতে । আন এটা ধাৰাত নন্দিতা কোঁৱৰক তিনি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে আদালতে ।

নন্দিতা কোঁৱৰক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড
নন্দিতা কোঁৱৰক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড

উল্লেখ্য যে, ঠিকাদাৰৰ পৰা ২০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰি গ্ৰেপ্তাৰ হৈছিল নন্দিতা কোঁৱৰ । গ্ৰেপ্তাৰৰ সময়ত ডিআৰডিএ-ৰ প্ৰকল্প সঞ্চালক আছিল নন্দিতা কোঁৱৰ । বৰ্তমান নন্দিতা কোঁৱৰ চৰকাৰী ছপাশালত উপ সঞ্চালক হিচাপে কৰ্মৰত হৈ আছিল । উল্লেখ্য যে, নন্দিতা কোঁৱৰ প্ৰাক্তন ৰাজ্যপাল তথা কংগ্ৰেছ নেতা প্ৰয়াত দেৱানন্দ কোঁৱৰৰ কন্যা ।

লগতে পঢ়ক: আবকাৰী বিভাগৰ অভিযানত জব্দ বিলাতী সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.