গুৱাহাটী, ২০ এপ্ৰিলঃ গুৱাহাটী মালিগাঁৱৰ বিজি কলনি নামঘৰত চোৰৰ চাফাই অভিযান । দানপাত্ৰৰ তলা ভাঙি লুটিলে ধন ।
নামঘৰটোৰ দুৱাৰৰ তলা ভাঙি চোৰৰ দলে লুটি লৈ গ'ল দান পাত্ৰ । প্ৰায় ২০ হাজাৰকৈ টকা মজুত আছিল দান পাত্ৰটোত । ইফালে নামঘৰৰ গুৰু আসনৰ লগতে সকলো বস্তুয়েই লণ্ড-ভণ্ড কৰিলে চোৰৰ দলটোৱে । প্ৰতিদিনে এনেদৰেই চুৰিকাণ্ড সংঘটিত হৈ আহিছে যদিও এতিয়ালৈ প্ৰশাসনে কোনো পদক্ষেপ নোলোৱাত ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজ । মালিগাঁৱকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত বৃদ্ধি পায় অহা চোৰৰ উপদ্ৰৱ মহানগৰ আৰক্ষী তথা প্ৰশাসনে ৰোধ কৰিব পাৰিবনে তাক লৈ এক ডাঙৰ প্ৰশ্ন মহনগৰ ৰাইজৰ ।