ETV Bharat / state

পশ্চিমবংগৰ হিংসা : ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্র প্ৰেৰণ সচেতন নাগৰিক মঞ্চৰ

চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদ জনাই ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্র সচেতন নাগৰিক মঞ্চৰ ৷ স্মাৰক পত্র যোগে সচেতন নাগৰিক মঞ্চই পশ্চিমবংগ চৰকাৰৰ এনে বিদ্বেষমূলক কাৰ্যকলাপ বন্ধ কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

nagarik_sasetan_mancha_meet_governor
পশ্চিমবংগৰ হিংসা : ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্র প্ৰেৰণ সচেতন নাগৰিক মঞ্চৰ
author img

By

Published : May 25, 2021, 4:00 PM IST

গুৱাহাটী, ২৫ মে': চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদ জনাই এইক্ষেত্রত ন্যায় সংগত ব্যৱস্থা গ্ৰহণৰ দাবীৰে মঙলবাৰে সচেতন নাগৰিক মঞ্চ, অসমৰ তৰফৰ
পৰা ৰাষ্ট্ৰপতি লৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰা হয় । সচেতন নাগৰিক মঞ্চৰ এটা প্ৰতিনিধি দলে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিলৈ দিয়া স্মাৰক পত্র প্ৰদান কৰে ।

স্মাৰক পত্র যোগে সংগঠনটোৱে কয় যে, ‘পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনোত্তৰ হিংসাত একাংশ দুষ্কৃতিকাৰীৰ দ্বাৰা সংঘটিত পৰিকল্পিত আক্ৰমণত কেইবাগৰাকীও নিৰপৰাধী লোক নিহত হোৱাৰ উপৰিও হাজাৰ হাজাৰ লোক পৰিকল্পিত আক্ৰমণৰ বলি হ'ব লগা হৈছে । এই ঘটনাত প্ৰায় ২৩ জন লোক নিহত হোৱাৰ উপৰিও ৪ গৰাকীৰো অধিক মহিলা ধৰ্ষিতা হৈছে । তদুপৰি ৩৯ গৰাকী মহিলাই ধৰ্ষণৰ ভাবুকিৰ সন্মুখীন হৈছে । ইয়াৰ উপৰিও ২,১৫৭ জন লোকক আক্ৰমণৰ লগতে ৬৯২ জন লোকক মৃত্যুৰ ভাবুকি দিয়া হৈছে ।’

আনহাতে, প্ৰায় ৩৮৮৬ টা পৰিয়ালৰ সম্পত্তি বিনষ্ট কৰা হৈছে আৰু তিনি সহস্ৰাধিক গাঁৱৰ ৭০ হাজাৰতকৈ অধিক লোক এই ঘটনাত আক্ৰমণৰ সন্মুখীন হৈছে । বিভিন্ন ৰাজনৈতিক মতাদৰ্শত বিশ্বাসী বিশেষকৈ অৰ্থনৈতিক ভাৱে পিছপৰা অনুসুচিত লোকসকল আক্ৰমণকাৰীৰ মূল লক্ষ্য হৈ পৰিছে । বৰ্তমান ক্ষতিগ্ৰস্ত লোকসকলে ১৯১ টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ।

অসমৰ সীমামুৰীয়া অঞ্চলসমূহত ১৮০০তকৈয়ো অধিক লোক আশ্ৰয় গ্ৰহণ কৰি আছে । পশ্চিমবংগ চৰকাৰৰ পক্ষপাতিত্বমূলক আচৰণত ক্ষতিগ্ৰস্থ লোকসকলৰ এজাহাৰৰ উপৰিও নিহত হোৱা ঘটনাৰো কোনোধৰণৰ এজাহাৰ আৰক্ষীয়ে গ্ৰহণ নকৰাৰ বিপৰীতে আহতসকলে প্ৰাথমিক চিকিৎসা পৰ্যন্ত লাভ কৰা নাই । যি সময়ত সমগ্ৰ বিশ্বই ক'ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ চলাই আছে সেই সময়ত প্ৰাণৰ মমতাত জাকে জাকে নিৰপৰাধী লোকসকলে সামাজিক ব্যৱধান পৰিহাৰ কৰি অসমত ঠাহ খাই পৰিছে ।

এনে কাৰ্য্য ভাৰতবৰ্ষৰ গণতন্ত্ৰ, অখণ্ডতা, ৰাষ্ট্ৰীয় সংহতি আৰু সংবিধানৰ প্ৰতি প্ৰৱল ভাবুকি স্বৰূপ । এনে কাৰ্যকলাপৰ পৰা প্ৰতীয়মান হয় যে, পশ্চিমবংগৰ নৱনিৰ্বাচিত চৰকাৰে এনে ঘটনাক নিয়ন্ত্ৰণ কৰাৰ পৰিবৰ্তে নিৰ্লিপ্ত হৈ দুষ্কৃতিকাৰীক উদগনি জগাইছে । এচাম দুষ্কৃতিকাৰীৰ দ্বাৰা সংঘটিত হিন্দু সম্প্ৰদায়ৰ ওপৰত চলা এনে পৰিকল্পিত অমানৱীয় আক্ৰমণাত্বক কাৰ্য্যকলাপক সচেতন নাগৰিক মঞ্চই বিৰোধীতা কৰ‍ৰ লগতে তীব্ৰ নিন্দা কৰিছে ।

অসমত আশ্ৰয় লোৱা আৰু আক্ৰমণৰ বলি হোৱা দুৰ্ভগীয়া ভাৰতীয় হিন্দু নাগৰিকসকলক প্ৰত্যক্ষ কৰিলে পশ্চিমবংগ চৰকাৰৰ ধৰ্মীয় আৰু ৰাজনৈতিক বিদ্বেষ পৰিস্ফুট হয় বুলি সচেতন নাগৰিক মঞ্চই উল্লেখ কৰি কয় যে, এনে কাৰ্যকলাপ অনাগত দিনতো চলি থাকিলে ভাৰতৰ গণতন্ত্ৰ আৰু ৰাষ্ট্ৰীয় সংহতি তীব্ৰ ভাবুকিৰ সন্মুখীন হ'ব ।

স্মাৰক পত্র যোগে সচেতন নাগৰিক মঞ্চই পশ্চিমবংগ চৰকাৰৰ এনে বিদ্বেষমুলক কাৰ্য্যকলাপ বন্ধ কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ স্বাৰ্থত সকলো ধৰণৰ সাংবিধানিক ক্ষমতা ব্যবহাৰ কৰাৰ লগতে ক্ষতিগ্ৰস্ত সকলক সকলো ধৰণৰ সুবিধা আৰু সুৰক্ষা প্ৰদানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ প্ৰতি আহ্বান জনায় ।

উল্লেখ্য যে, ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্র প্ৰদান কৰা সজাতি দলটোত আছিল সচেতন নাগৰিক মঞ্চৰ উপদেষ্টা দয়ানন্দ পাঠক আৰু জ্ঞানেন্দ্ৰ বৰ্মন, সভাপতি চন্দন ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক অতুল বৰ্মন।

লগতে পঢ়ক: চকুলো টুকি মুখ্যমন্ত্ৰীক কি আহ্বান কৰিলে মাদ্ৰাছা টেট উত্তীৰ্ণই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.