ETV Bharat / state

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত অঘটন: যুৱকৰ ৰহস্যজনক মৃত্যু

মহানগৰীৰ এটি নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ(Rehabilitation center in Guwahati) ৷ মহানগৰীৰ পূৱ শৰণীয়াস্থিত Mamta Wellness Rehabilitation center ত চিকিৎসাধীন এজন যুৱকক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ ৷

author img

By

Published : Jun 3, 2022, 9:42 PM IST

Allegation against Rehabilitation center of Guwahati
মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত অঘটন: যুৱকৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী, ৩ জুন : প্ৰকৃতকে কি চলিছে মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত ? চিকিৎসাৰ নামত ৰোগীৰ ওপৰত চলোৱা হয় নেকি অমানৱীয় অত্যাচাৰ ? এইবাৰ তেনেই এক অভিযোগ উত্থাপিত হৈছে মহানগৰীৰ এখন নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে (Mysterious death of youth at rehabilitation center) ৷

উল্লেখ্য যে, শুকুৰবাৰে মহানগৰীৰ পূৱ শৰণীয়াস্থিত শংকৰদেৱ পথৰ নিচামুক্তি কেন্দ্ৰ মমতা ৱেলনেচ ৰিহেভ চেন্টাৰত ৰহস্যজনকভাৱে মৃত্যু হয় চিকিৎসাধীন এজন যুৱকৰ । মৃত যুৱকজন আজাৰাৰ যোগীপাৰাৰ পিংকু নাথ বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, বিগত 30 মে'ৰ দিনা পিংকু নাথক ভৰ্তি কৰোৱা হৈছিল এই নিচামুক্তি কেন্দ্ৰত । কিন্তু 3 জুন অৰ্থাৎ শুকুৰবাৰে চিকিৎসাধীন অৱস্থাতেই যুৱকজনৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক খবৰ দিয়ে কেন্দ্ৰটোৰ কৰ্মকৰ্তাই ৷

ইফালে পৰিয়ালৰ অভিযোগ, ৰিহেভ চেন্টাৰতে প্ৰহাৰ কৰি হত্যা কৰা হৈছিল যুৱকজনক ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চানমাৰি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই ৰিহেভ চেন্টাৰটোৰ ৩ জন যুৱকক সোধপোচৰ বাবে আটক কৰিছে চানমাৰী আৰক্ষীয়ে । আটকাধীন যুৱককেইজন ক্ৰমে ভাৰ্গৱ দেউৰী, মাৰ্চ্চল ৰহমান আৰু মহচিন আলী বুলি জানিব পৰা গৈছে ।

Allegation against Rehabilitation center of Guwahati to murder admitted youth

মন কৰিবলগীয়া যে, পূৰ্বতেও ৰাজ্যৰ অন্যান্য ৰিহেভ চেন্টাৰত চিকিৎসাধীন লোকক অত্যাচাৰ কৰাৰ বহুকেইটা বাতৰি পোহৰলৈ আহিছিল ৷ শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হোৱাৰ অভিযোগ পোহৰলৈ আহিছিল নগাঁৱৰ এটা নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে ৷

যোৱা 4 মে'ত নগাঁৱৰ এটা নিচামুক্তি কেন্দ্ৰত যুৱকৰ ওপৰত আতিশায্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল(Allegation against rehabilitation center in Nagaon)৷ ‘চেষ্টা’ (Sesta foundation) নামৰ এটা নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল কলিয়াবৰৰ এগৰাকী শিল্পীয়ে ।

লগতে পঢ়ক : নগাঁৱৰ নিচামুক্তি কেন্দ্ৰত আতিশায্যৰ বলি চিকিৎসাধীন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.