ETV Bharat / state

শ্ৰমিক, কৃষকলৈ বিশেষ পেকেজ ঘোষণা কৰকঃ বদৰুদ্দিন আজমল

শ্ৰমিক, কৃষক আৰু দৈনন্দিন হাজিৰা কৰা লোকসকললৈ বিশেষ পেকেজৰ ঘোষণা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীলৈ আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ । সাংবাদিকসকৰ বাবেও এক কালীন আৰ্থিক অনুদান আৰু বীমা আঁচনিৰ অন্তৰ্ভুক্ত কৰি সাহাৰ্য আগবঢ়াবলৈ সাংসদ গৰাকীয়ে ৰাজ্য চৰকাৰলৈ আহ্বান জনাই ।

বদৰুদ্দিন আজমল
অসমৰ অৰ্থনৈতিক অচল অৱস্থাৰ সৃষ্টি ন'হবৰ বাবে শ্ৰমিক, কৃষকলৈ বিশেষ পেকেজ ঘোষণা কৰকঃ বদৰুদ্দিন আজমল
author img

By

Published : Apr 11, 2020, 9:57 PM IST

গুৱাহাটী, ১১ এপ্ৰিলঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰীলৈ সাংসদ দৰুদ্দিন আজমলৰ আহ্বান । সাম্প্ৰতিক সময়ত অসমৰ অৰ্থনৈতিক অচল অৱস্থাৰ সৃষ্টি ন'হবৰ বাবে শ্ৰমিক, কৃষক আৰু দৈনন্দিন হাজিৰা কৰা লোকসকললৈ বিশেষ পেকেজৰ ঘোষণা কৰিবলৈ আহ্বান জনাই সাংসদ গৰাকীয়ে ৷ শনিবাৰে সংবাদ মাধ্যমৰ জৰিয়তে এই আহ্বান জনাই এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ।

বদৰুদ্দিন আজমলে কয় যে, সকলো লোকেই এই লকডাউন বাবে বহু সমস্যাৰ সন্মূখীন হ'ব লগা হৈছে ৷ বিশেষকৈ লক ডাউনৰ বাবে অসমৰ প্ৰায় 1 লাখ 80 হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কে এই সময়ত চাহ উৎপাদন কৰিব পৰা নাই ৷ এই ক্ষুদ্ৰ চাহ বাগানৰ লগত প্ৰায় দুই লাখ শ্ৰমিক জড়িত হৈ আছে ৷ অসমৰ সৰ্বমুঠ চাহ উৎপাদনৰ প্ৰায় ৪৮ শতাংশ চাহ এই ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা উৎপাদন হয় ৷

অসমৰ অৰ্থনৈতিক অচল অৱস্থাৰ সৃষ্টি ন'হবৰ বাবে শ্ৰমিক, কৃষকলৈ বিশেষ পেকেজ ঘোষণা কৰকঃ বদৰুদ্দিন আজমল

অসমত প্ৰায় ২৭ লাখ পৰিয়ালৰ লোকে পাচলি খেতি কৰি জীৱিকা নিৰ্বাহ আছে । লক ডাউনৰ বাবে প্ৰায় ৩৫০০ মেট্ৰিক টন পাচলি নষ্ট হৈছে ৷ দৈনিক কাম কৰি খোৱা প্ৰায় ৩৩ শতাংশ লোক বৰ্তমান বেচিকৈ সমস্যাৰ সন্মূখীন হ'ব লগা হৈছে ৷ গতিকে চৰকাৰে এই পৰিস্থিৰ প্ৰতি লক্ষ্য ৰাখি এই সকলৰ বাবে বিশেষ আৰ্থিক পেকেজ ঘোষনা কৰিবলৈ চৰকাৰক আহ্বান জনাই ।

লগতে এই সময়ত সাংবাদিক সকলে যি ধৰনেৰে নিজৰ দায়িত্ব পালন কৰি দিনে নিশাই ৰাইজক সহযোগিতা আগবঢ়াই আহিছে তেখেত সকলৰ বাবেও চৰকাৰে এক কালীন আৰ্থিক অনুদান আৰু বীমা আঁচনিৰ অন্তৰ্ভুক্ত কৰি সাহাৰ্য আগবঢ়াবলৈ সাংসদ আজমলে চৰকাৰলৈ আহ্বান জনায় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.