ETV Bharat / state

বহিঃৰাষ্ট্ৰৰ মাজেৰে জল পৰিবহণৰ সূচনা অসমৰ ইতিহাসৰ মাইলৰ খুটি: মুখ্যমন্ত্রী

author img

By

Published : Mar 6, 2022, 9:19 PM IST

পাটনাৰ পৰা পাণ্ডুত উপস্থিত হোৱা প্ৰথমখন মালবাহী জাহাজ ‘এম ভি লালবাহাদুৰ শাস্ত্ৰী’ক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Motor vessel Lal Bahadur Shastri)। 1800 মেট্ৰিক টন টাটা ষ্টীল কঢ়িয়াই হালদিয়াৰ পৰা পাণ্ডু অভিমুখে আহি আছে আন এখন ম‍লবাহী জাহাজ । আভ্যন্তৰীণ জল পৰিবহণ খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটৰ সমীপত এক বৃহৎ টাৰ্মিনেল নির্মাণৰ লগতে ১৩ টা সৰু টাৰ্মিনেল নির্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

Motor vessel Lal Bahadur Shastri
বহিঃৰাষ্ট্ৰৰ মাজেৰে জল পৰিবহণৰ সূচনা অসমৰ ইতিহাসৰ মাইলৰ খুটি

গুৱাহাটী, ৬ মার্চ: আজিৰ দিনটো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগ তথা অর্থনৈতিক ক্ষেত্ৰৰ বাবে এক যুগান্তকাৰী দিন । এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । দেওবাৰে গুৱাহাটীৰ পাণ্ডু বন্দৰত আয়োজন কৰা এক অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, স্বাধীনতাৰ ৭৫ বছৰৰ পাছত বহিঃৰাষ্ট্ৰৰ মাজেৰে জলপথেৰে ৰাজ্যলৈ সামগ্ৰী পৰিবহণৰ সূচনা অঞ্চলটোৰ ইতিহাসত এক মাইলৰ খুটিৰূপে চিহ্নিত হৈ ৰ'ব । জলপথৰ জৰিয়তে মালবাহী জাহাজ চলাচলৰ শুভাৰম্ভই এতিয়া স্থলপথৰ ওপৰত থকা বাধ্যতামূলক নিৰ্ভৰশীলতা বহুলাংশে নোহোৱা কৰিব । এই পথত মালবাহী জাহাজৰ নিয়মীয়া চলাচলে নিযুক্তিৰ সম্ভাৱনাও সৃষ্টি কৰাৰ লগতে স্থানীয় সামগ্ৰীৰ বাবে এক বিশ্বব্যাপ্ত বজাৰৰ দুৱাৰ মুকলি কৰিব । তুলনামূলকভাৱে কম ব্যয়যুক্ত জলপথৰ জৰিয়তে উন্নত সংযোগ ব্যৱস্থাই অঞ্চলবাসীৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিব বুলি মন্তব্য কৰি তেওঁ কয় যে, ইয়াৰ ফলত অঞ্চলটোৰ যুৱক-যুৱতী আৰু ব্যৱসায়ীসকলে ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সহজেই কাষ চাপিব পাৰিব । কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট নীতি অনুসৰি জলপথৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে যোগাযোগ উন্নত কৰাৰ বাবে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰীলয়ে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ জৰিয়তে ৰাষ্ট্ৰীয় জলপথ-১, ভাৰত-বাংলাদেশ প্ৰটোকল পথ আৰু ৰাষ্ট্ৰীয় জলপথ-২ৰ ওপৰত কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প হাতত লৈছে বুলি তেওঁ উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীগৰীকীয়ে লগতে কয় যে, প্ৰধানমন্ত্ৰী গতিশক্তি শীর্ষক ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ অধীনত ব্ৰহ্মপুত্ৰ নদীত কার্গ' চলাচল ত্বৰান্বিত কৰাৰ বাবেও এক একত্ৰিত পৰিকল্পনা হাতত লোৱা হৈছে । ৰাজ্যখনৰ আভ্যন্তৰীণ জল পৰিবহণ খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে হাতত লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটৰ সমীপত এক বৃহৎ টাৰ্মিনেল নির্মাণৰ লগতে ১৩ টা সৰু টাৰ্মিনেল নির্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত কয় যে, নিৰৱচ্ছিন্ন কার্গ পৰিবহণ হৈছে অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ এক পূর্ণকালীন যাত্ৰা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ উত্তৰ-পূব অঞ্চলটো এতিয়া দ্ৰুত প্ৰগতিৰ দিশত আগুৱাই গৈছে আৰু দেশৰ অষ্টলক্ষ্মী হিচাপে উজলি উঠাৰ পথত আগবাঢ়িছে । জলপথৰ জৰিয়তে কার্গ' চলাচলৰ পুনৰ আৰম্ভণিয়ে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে উজ্জীৱিত কৰাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব । জলপথসমূহৰ সুচলতাই অঞ্চলটোৰ প্ৰগতিৰ পথত কেৱল ভৌগলিক বাধা আঁতৰ কৰাই নহয় অসম তথা উত্তৰ-পূবৰ ব্যৱসায় ত্বৰান্বিত কৰাৰ উপৰি স্থানীয় জনসাধাৰণৰ বাবে দ্ৰুত অর্থনৈতিক প্ৰগতি আৰু সুবিধাজনক পৰিবহণ নিশ্চিত কৰিব বুলি তেওঁ কয় ।

উল্লেখ্য যে, ভাৰত-বাংলাদেশ প্ৰট'কল জলপথৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথৰ আন্তঃগাঁথনিক ত্বৰান্বিত কৰি পাটনাৰ পৰা এমাহ পূৰ্বে ২০০ মেট্ৰিক টন খাদ্যশস্য কঢ়িয়াই অনা এম ভি লালবাহাদুৰ শাস্ত্ৰী নামৰ জাহাজ আজি গুৱাহাটীৰ পাণ্ডু বন্দৰত উপস্থিত হয় (Motor vessel Lal Bahadur Shastri)। এই ঐতিহাসিক ক্ষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাণ্ডু বন্দৰত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু ভাৰতীয় খাদ্য নিগমলৈ অহা ২০০ মেট্ৰিক টন খাদ্যশস্য সম্বলিত জাহাজখনক আদৰণি জনায় ।

ইফালে আন এখন জাহাজ এম ভি ৰাম প্ৰসাদ বিছমিলে দুটা বার্জ কল্পনা চাওলা আৰু এ পি জে আব্দুল কালামৰ সৈতে ১৭ ফেব্ৰুৱাৰীত হালদিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি পাণ্ডু অভিমুখে আহি আছে । জাহাজখনে ১৮০০ মেট্ৰিক টন টাটা ষ্টীল কঢ়িয়াই আনিছে আৰু ইতিমধ্যে ধুবুৰীৰ বাংলাদেশ সীমান্তত উপস্থিত হৈছে ।

আনহাতে নুমলীগড় শোধনাগাৰৰ ২৫২ মেট্ৰক টন ডাইমেনশ্যনেল কাৰ্গ'ও ১৫ ফেব্ৰুৱাৰীত ইণ্ডো-বাংলাদেশ প্ৰট'কল জলপথৰ মাজেৰে হালদিয়াৰ পৰা শিলঘাটত প্ৰৱেশ কৰে । সেইদৰে ২৫০ মেট্ৰিক টনৰ কাৰ্গ'ও জলপথেদি শিলঘাটলৈ গৈ আছে ।

উল্লেখ্য যে, ভাৰত আৰু বাংলাদেশৰ মাজত অভ্যন্তৰীণ জল পৰিবহণ আৰু বাণিজ্যৰ প্ৰট'কলৰ জৰিয়তে দুয়োখন দেশৰ মাজত সামগ্ৰী চলাচলৰ বাবে পাৰস্পৰিক জলপথ ব্যৱহাৰৰ ব্যৱস্থা আছে । ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী)ক ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ নদী) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক নদী)ৰ সৈতে ইণ্ডো-বাংলাদেশ প্ৰট'কল পথৰ জৰিয়তে সংযুক্ত কৰা হৈছে (Brahmaputra gets connected with Ganga via Indo Bangladesh Protocol Route)। এই জলপথসমূহেৰে উপযুক্ত চলাচল আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ইণ্ডো-বাংলাদেশ প্ৰট'কল পথৰ দুটা অংশ,অর্থাৎ চিৰাজগঞ্জ-দৈখোৱা আৰু আশুগঞ্জ-জাকিগঞ্জক ৮০:২০ (ভাৰত:বাংলাদেশ) অনুপাতত মুঠ ৩০৫.৮৪ কোটি টকা ব্যয়সাপেক্ষে উন্নীত কৰি থকা হৈছে । তদুপৰি সাত বছৰৰ বাবে (২০১৯-২০২৬ চনলৈ) জলপথছোৱাত প্ৰয়োজনীয় গভীৰতা নিশ্চিত কৰাৰ বাবে ড্ৰেজিঙৰ বাবেও চুক্তি চলি আছে ।

আনহাতে কেন্দ্ৰীয় চৰকাৰে ২০০০ টনলৈকে জাহাজৰ সুৰক্ষিত আৰু বহনক্ষম চলাচলৰ লক্ষ্য আগত ৰাখি ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী)ৰ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰায় ৪৬০০ কোটি টকা বিনিয়োগেৰে অভিলাষী "জল মার্গ বিকাশ প্ৰকল্প" হাতত লৈছে। আজিৰ অনুষ্ঠানত লগতে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায়, শ্যামাপ্ৰসাদ মুখার্জী বন্দৰ ন্যাসৰ অধ্যক্ষ বিনীত কুমাৰ প্ৰমুখ্যে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক: karbi youth festival 2022: কাৰ্বি যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.