ETV Bharat / state

শ্বেৰমানে ইমান সাহস ক'ৰ পৰা পালে: মমিনুল আৱাল - শ্বেৰমান আলী আহমেদ

মিঞা সংগ্ৰহালয় প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে ৷ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে তীব্ৰ সমালোচনামূলক মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে ৷

মমিনুল আৱাল
মমিনুল আৱাল
author img

By

Published : Oct 25, 2020, 8:39 PM IST

Updated : Oct 25, 2020, 9:15 PM IST

গুৱাহাটী, ২৫ অক্টোবৰ: শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ কথা ক'বলৈ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে ক'ৰ পৰা সাহস পালে ? এই হুংকাৰ বিজেপি নেতা মমিনুল আৱালৰ । মিঞা মানেই হৈছে বাংলাদেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বিভিন্ন চৰ চাপৰিত থিতাপি লোৱা পূৰ্ববংগীয় মুছলমান সকল । এইসকলৰ বাবে সংগ্ৰহালয় স্থাপনৰ দাবী অসমীয়াই কেতিয়াও মানি নলয় বুলিও উল্লেখ কৰে মমিনুল আৱালে ৷

শ্বেৰমানে ইমান সাহস ক'ৰ পৰা পালে: মমিনুল আৱাল

ইয়াৰোপৰি মমিনুল আৱালে আৰু কয় যে, মুখ্যমন্ত্ৰীয়ে ঠিকেই কৈছে যে অসমত মোগলৰ আক্ৰমণ আৰম্ভ হৈছে । মোগল এইসকলেই, যিসকলে এতিয়া সংগ্ৰহালয়ৰ‌ দাবী তুলিছে । এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি নেতাজনে আৰু কয় যে, এনে দাবী উত্থাপন হোৱাটো অসমীয়া জাতিৰ বাবেই এটা ভাবুকি । কংগ্ৰেছৰ লগত এ আই ইউ ডি এফ আছে বাবেই আজি কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে এনে এটা দাবী তুলিবলৈ সাহস কৰিছে ।

লগতে পঢ়ক: মিঞা সংগ্ৰহালয় প্ৰসংগঃ টুইটযোগে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

Last Updated : Oct 25, 2020, 9:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.