গুৱাহাটী, 22 মে': লক ডাউনৰ মাজতে ৰাইজলৈ আহিছে এটা ভাল খবৰ ৷ ভাৰতীয় ডাক বিভাগে গুৱাহাটীত আৰম্ভ কৰিছে ভ্ৰাম্যমাণ পোষ্টেল সেৱা ৷ ৰাইজৰ সুবিধাৰ বাবে ঘৰৰ পদূলিতেই চিঠি পত্ৰৰ লগতে বেংকৰ টকা লেনদেনত সহায় হ'ব পৰাকৈ ডাক সেৱাই আগবঢ়াইছে বিশেষ সেৱা ৷ মেঘদূত ভৱনৰ উপ মুখ্য তত্বাৱধায়ক নন্দিতা চৌধুৰীয়ে জানিবলৈ দিয়া অনুসৰি ৰাইজৰ সুবিধাৰ বাবে 15 মে' ৰ পৰা আগবঢ়োৱা হৈছে এই সেৱা ৷ মহানগৰীৰ বিভিন্ন স্থানত ইতিমধ্যেই এই সেৱা সফলতাৰে আগবঢ়াই আছে ডাক বিভাগে ৷
উল্লেখ্য যে, এতিয়াৰে পোষ্ট অফিচলৈ যোৱাৰ পৰিৱৰ্তে ঘৰৰ চৌহদতে সকলো সেৱা লাভ কৰিব গ্ৰাহকে ৷ বেংকৰ একাউণ্ট খোলা, ধন লেনদেন আদি সকলো সেৱা উপলব্ধ হ'ব এই মোবাইল পোষ্টেল সেৱাত ৷ তাৰোপৰি এতিয়াৰে পৰা আধাৰ কাৰ্ড লিংক থকা যিকোনো বেংকৰ গ্ৰাহকে ধন উলিয়ালৈ যাব নালাগে বেংক অথবা এটিএমলৈ ৷ আনহাতে এই সেৱাৰ বাবে সাধাৰণ ৰাইজৰ উপকৃত হব বুলি উল্লেখ কৰি ভাৰতীয় ডাক বিভাগৰ এইয়া আদৰণীয় পদক্ষেপ বুলি জনালে সাধাৰণ জনতাই ৷

লগতে পঢ়কঃ নগাঁৱত পকী দলঙৰ উদ্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ