গুৱাহাটী, ১১ মাৰ্চ: ‘‘কংগ্ৰেছ, এ আই ইউ ডি এফ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু চিপিএম একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি’’- এই মন্তব্য বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ । শুকুৰবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যলায়ত এক যোগদান কাৰ্যসূচীত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে বৰুৱাই (Municipal Election winners joins BJP)।
তেওঁ কয় যে, ‘‘অসম জাতীয় পৰিষদৰ ৰাজনৈতিক গুৰুত্ব থকা বুলি মই নাভাবোঁ । যি দলৰ সভাপতি, সাধাৰণ সম্পাদকে দুটাকৈ সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰি পৰাজয় হ’ল সেই দলটোৰ কি প্ৰাসংগিকতা আছে মই নাজানোঁ । সংবাদমাধ্যমে দেখুৱাবলৈ বন্ধ কৰিলে ৰাইজে মনৰ পৰা মুচি পেলাব দলটোক । সংবাদ মাধ্যমত ওলাই থাকে বাবে প্ৰাসংগিক হৈ আছে ।’’
আনহাতে বিধায়ক অখিল গগৈক সমালোচনা কৰি তেওঁ কয় যে, তেওঁক নিৰ্বাচিত কৰা সমষ্টিত পৌৰ সভা(Municipal Election 2022) নিৰ্বাচনত মাত্ৰ দুখন আসন কিয় লাভ কৰিলে তাক বিশ্লেষণ কৰিব লাগে অখিল গগৈয়ে । আনহাতে বিৰোধী দলৰ নেতাই নাজিৰাত পৌৰ সভা নিৰ্বাচনত এখনো আসন নাপালে তাকো তেওঁ বিশ্লেষণ কৰিব লাগে । তেওঁলোকেও ধন বল, বাহুবল প্ৰয়োগ কৰিব লাগে । কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত বহু ধন জমা হৈ আছে । সেইবোৰ খৰচ কৰিলে হ’ব বুলিও কটাক্ষ কৰে (MLA Jayanta Malla Baruah criticize Akhil Gogoi) ।
ইয়াৰোপৰি অখিল গগৈক অসমৰ আটাইতকৈ ডাঙৰ বাহুৱলী আখ্যা দিলে জয়ন্ত মল্ল বৰুৱাই ৷ অখিল গগৈৰ আন্দেোলন, প্ৰতিবাদৰ বিষয়বস্তুক লৈ জয়ন্ত মল্ল বৰুৱাই কয় যে, অখিল গগৈয়ে এটা বিষয়ৰ ওপৰত খুউব বেছি ছমাহহে মাত মাতি থাকে ৷
ইপিনে জয়ন্ত মল্ল বৰুৱাই আন এক প্ৰসংগত সংবাদ মাধ্যমৰ আগত কয় যে, পৌৰ সভাত নিৰ্দলীয় হৈ বিজয় হোৱা প্ৰাৰ্থীসকল আমাৰে মানুহ ।
লগতে পঢ়ক: নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ পদত্যাগ