ETV Bharat / state

MLA Atul Bora on Price Hike: খাদ্য খোৱাৰ নতুন ৰেছিপি দিলে বিধায়ক অতুল বৰাই - মূল্যবৃদ্ধি

মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ ৷ খাদ্য খোৱাৰ নতুন ৰেছিপি দিলে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই ৷ টমেট’ চ'চৰ ২টা পেকেট লৈ মাছত দিলেই মাছৰ তৰকাৰী হৈ যায় বুলি মন্তব্য অতুল বৰা।

MLA Atul Bora Reacts on Price Hike in Assam
বিধায়ক অতুল বৰাৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 6:43 PM IST

মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক অতুল বৰাৰ

গুৱাহাটী, 03 ছেপ্টেম্বৰ: মূল্যবৃদ্ধি জুইয়ে দহিছে ৰাজ্য ৷ অত্যাৱশ্যকী খাদ্য-সামগ্ৰীৰ দামবৃদ্ধিয়ে দহিছে খাতিখোৱা সৰ্বসাধাৰণ জনতাক ৷ বস্তুৰ মূল্য শুনি মূৰে-কপালে হাত দিব লগা হৈছে জনতাই ৷ মূল্যবৃদ্ধিৰ প্ৰসংগত বহু সময়ত শাসকীয় মন্ত্ৰী-বিধায়কসকলে টুলুঙা মন্তব্যও প্ৰদান কৰা পৰিলক্ষিত হয় ৷

দেওবাৰে মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য কৰি খাদ্য খোৱাৰ নতুন ৰেছিপি দিলে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই ৷ বিলাহীৰ মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে, বিলাহীৰ দাম বেছি; সেইবাবে কিনিব নালাগে ৷ বিলাহীৰ সলনি টমেট’ চ'চৰ ২ টা পেকেট লৈ মাছত দিলেই হ’ল, মাছ-বিলাহীৰ তৰকাৰী হৈ যায় ৷ মানুহে খাবই নাজানে বুলি মন্তব্য কৰে তেওঁ ৷

লগতে বিধায়কগৰাকীয়ে হাতত জিকা লৈ মন্তব্য কৰি কয় যে, এটা গুটি ৰুলে জিকাৰ গছ ঘৰতেই হয় ৷ নিজে খোৱাৰ উপৰিও ওচৰ-চুবুৰীয়াক দিব পৰাকৈ জিকা লাগে, কিন্তু আমাৰ মানুহে খেতি নকৰে ৷

শনিবাৰে ডিমৰীয়া কলেজত অনুষ্ঠিত হোৱা ৰাইজমেলত সৃষ্টি হোৱা এক উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত দেওবাৰে সংবাদমেল সম্বোধন কৰি মূল্যবৃদ্ধিৰ বিষয়তো মন্তব্য কৰে বিধায়ক অতুল বৰাই ৷ উল্লেখ্য যে মূল্যবৃদ্ধি সম্পৰ্কে পূৰ্বেও মন্তব্য প্ৰকাশ কৰিছিল বিধায়কগৰাকীয়ে ৷

মিঠাতেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত বিধায়কগৰাকীয়ে মূল্যবৃদ্ধিৰ পৰা হাত সাৰিবলৈ ৰাইজক মিঠাতেল কমকৈ খাবলৈ পৰামৰ্শ দিছিল ৷ এক লিটাৰ মিঠাতেল কিনা লোকজনক ৫০০ গ্ৰাম মিঠাতেল কিনাৰ অভ্যাস কৰিবলৈ আহ্বান জনাইছিল ৷ তদুপৰি মূল্যবৃদ্ধিৰ পৰা হাত সাৰিবলৈ ঘৰুৱা শাক-পাচলি খোৱাৰ অভ্যাস কৰিবলৈ পূৰ্বেও আহ্বান জনাইছিল বিধায়কগৰাকীয়ে ৷

ইফালে ৰাইজমেলৰ সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদমাধ্যমৰ ভূমিকা সন্দৰ্ভত মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে, "মইয়ো এটা পর্টেল খুলিম, চেনেল খুলিলেহে পইচা লাগে ৷ পৰ্টেলত কোনো চিন্তা নাই ৷ মইও ৰাতিপুৱা মৰ্নিং ৱাক কৰো, শ্ৰীৰঘুপতি যে হৈ থাকো সেইটো দেখুৱাম ৷ কেতিয়াবা মই আজ্ঞাঠুৰী গণেশ মন্দিৰ গৈ পাওঁ, কেতিয়াবা আকৌ বগলা মন্দিৰ গৈ পাওঁ ৷ এইসমূহ সকলো পৰ্টেলত দেখুৱাম ।"

লগতে পঢ়ক : MLA Atul Bora Press Meet: ডিমৰীয়া মহাবিদ্যালয়ৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত বিধায়ক অতুল বৰাৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.