ETV Bharat / state

পৌৰ নিৰ্বাচনৰ ফলাফলত চাঞ্চল্য: ৰাজ্যৰ মুছলমান ভোটাৰ বিজেপিৰ পক্ষত - সংখ্যালঘূ ভোটাৰ অসম

মুছলমান ভোটাৰ অধ্যূষিত অসমৰ বহুকেইখন পৌৰসভা অনায়াসে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ'ল । মুছলমান ভোটাৰ কংগ্ৰেছ নাইবা এ আই ইউ ডি এফৰ পক্ষতহে থাকে বুলি যি ৰাজনৈতিক ধাৰণা আছিল সেই ধাৰণাকো মিছা প্ৰমাণিত কৰি বহুকেইখন পৌৰসভাত কংগ্ৰেছ বা এ আই ইউ ডি এফে এখনো আসন দখল কৰিব নোৱাৰিলে । সংখ্যালঘু ভোটাৰে হিয়া উজাৰি বিজেপিৰ পক্ষত ভোট দি বিজেপিৰ জোলোঙা ভৰাই পেলালে (Minority votes to BJP)।

Minority votes to BJP
ৰাজ্যৰ মুছলমান ভোটাৰ বিজেপিৰ পক্ষত
author img

By

Published : Mar 11, 2022, 4:11 PM IST

গুৱাহাটী, ১১ মাৰ্চ: ঘটনাটো ৰাজনৈতিকভাৱে কেৱল গুৰুত্বপূৰ্ণই নহয়, আচৰিত হ’বলগীয়াও । সাধাৰণতে ধৰ্মীয় সংখ্যালঘু বিশেষকৈ মুছলমান ভোটদাতা আৰু বিজেপি দল এই দুয়োটাৰে মাজত অহি নকুল সম্পৰ্ক বুলি এক প্ৰচলিত ধাৰণা আছে যদিও অসমৰ সদ্যঘোষিত পৌৰ নিৰ্বাচনৰ ফলাফলে সেই ধাৰণা একপ্ৰকাৰ নস্যাৎ কৰি পেলালে ।

মুছলমান ভোটাৰ অধ্যূষিত অসমৰ বহুকেইখন পৌৰসভা অনায়াসে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ'ল (Minority votes to BJP)। কেৱল সিমানেই নহয়, মুছলমান ভোটাৰ কংগ্ৰেছ নাইবা এ আই ইউ ডি এফৰ পক্ষতহে থাকে বুলি যি ৰাজনৈতিক ধাৰণা আছিল সেই ধাৰণাকো মিছা প্ৰমাণিত কৰি বহুকেইখন পৌৰসভাত কংগ্ৰেছ বা এ আই ইউ ডি এফে এখনো আসন দখল কৰিব নোৱাৰিলে । সংখ্যালঘু ভোটাৰে হিয়া উজাৰি বিজেপিৰ পক্ষত ভোট দি বিজেপিৰ জোলোঙা ভৰাই পেলালে । ধিঙৰ পৰা গোৱালপাৰালৈকে নাইবা ধুবুৰীৰ পৰা খাৰুপেটীয়ালৈকে সকলোতে উৰিল বিজেপিৰ নিছান । অথচ এই আটাইবোৰ অঞ্চলতেই নিৰ্ণায়ক শক্তি হৈছে মুছলমান ভোটদাতা ।

ধিং বিধানসভা সমষ্টি বিগত কেইবাটাও কাৰ্যকাল জুৰি আছে এ আই ইউ ডি এফৰ হাতত । অথচ ধিং পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ভিতৰত দহোটাই গ’ল বিজেপিৰ হাতলৈ । এনেকুৱা আৰু কেইবাটাও উদাহৰণ আছে । একমাত্ৰ ধৰ্মীয় সংখ্যালঘু বা মুছলমান ভোটদাতাই দিয়া ভোটৰ বাবেই বৰপেটা, বৰপেটা ৰোড, সোণাই, গোৱালপাৰা, ধুবুৰী, বিলাসীপাৰা, লক্ষীপুৰ, চাপৰ, হাইলাকান্দি, লালা, কৰিমগঞ্জ, বদৰপুৰ, সাপটগ্ৰাম, অভয়াপুৰী, গৌৰীপুৰ আদি বহুকেইটা পৌৰসভা বিজেপিয়ে গঠন কৰাৰ সুযোগ লাভ কৰিলে । এয়া নিশ্চয়কৈ ৰাজ্যৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ পৰিঘটনা । এনে হোৱাৰ কাৰণ কি ?

কংগ্ৰেছ সাংসদ আব্দুল খালেকক এই প্ৰশ্নৰ উত্তৰ কি হ’ব পাৰে সোধা হৈছিল । ই টিভি ভাৰতক সাংসদগৰাকীয়ে ক’লে - " হয়, বিষয়টো গুৰুত্বপূৰ্ণ । কিন্তু মই ভাবো পৌৰ নিৰ্বাচন(Assam municipal election )ৰ এই ফলাফলটোৱে দুটা দিশ উন্মোচিত কৰিছে । ইয়াৰে প্ৰথমটো হৈছে আমাৰ নিজৰ হয়তো সাংগঠনিক দিশত কোনোবাখিনিত কিবা অলপ দূৰ্বলতা ৰৈ গৈছে । যাৰ বাবে আমি সেই নিৰ্দিষ্ট ভোটখিনি নিজৰ পক্ষত ধৰি ৰখাত ব্যৰ্থ হ'লো । দ্বিতীয়তে মই ভাবো এনেবিলাক নিৰ্বাচনত চৰকাৰ যি দলৰ থাকে, সেই দলৰ প্ৰতি ভোটদাতা আকৰ্ষিত হয় । ইয়ো এক কাৰণ হ’ব পাৰে ।"

আনহাতে, মুছলমান বা ধৰ্মীয় সংখ্যালঘু ভোটদাতা বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে বুলি এশ শতাংশই মানি ল’ব নোখোজে এ আই ইউ ডি এফৰ অন্যতম সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে (কনিষ্ঠ) । বিধায়কগৰাকীয়ে ই টিভি ভাৰতক ক’লে - " সাধাৰনতে এনেধৰনৰ নিকায়সমূহৰ নিৰ্বাচনত বা বিধানসভা, লোকসভাৰ উপ-নিৰ্বাচনৰ সময়ত ঢৌটো সদায় চৰকাৰ যি দলৰ সেই দলৰ পক্ষতেই থাকে । গতিকে মই ভাবো সেই কাৰণেই হয়তো বহুকেইখন পৌৰসভাত এনে ফলাফল হৈছে । কিন্তু তাৰ লগতে আৰু এটা কথাও সত্য যে বহু নগৰ অঞ্চলত মুছলমান বা সংখ্যালঘু ভোটদাতাৰ সংখ্যা তেনেই নগন্য । বিধানসভা নিৰ্বাচনৰ কথাটো সুকীয়া । বিধানসভা নিৰ্বাচনত কোনো অঞ্চলত সংখ্যালঘু ভোটদাতা নিৰ্ণায়ক শক্তি হ'লেও এইধৰণৰ পৌৰসভা বা নগৰ সমিতিৰ নিৰ্বাচনত নিৰ্ণায়ক নহবও পাৰে । হোজাইত আমি তিনিজন প্ৰাৰ্থী দিছিলো । তিনিজনেই জিকিছে । গতিকে কথাটো সামগ্ৰিকভাবে একে হব নোৱাৰে বুলি মই ভাবো ।"

লগতে পঢ়ক: ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলক লৈ কি ক'লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.