ETV Bharat / state

New look for Rabindra Bhawan :৪ বছৰৰ ভিতৰত নতুন ৰূপ পাব ৰবীন্দ্ৰ ভৱনে - Rabindra Bhawan to be rebuilt

চৰ্চাত আকৌ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন (Rabindra Bhawan in Guwahati) ৷ এইবাৰ চৰকাৰে নতুন ৰূপ নিৰ্মাণ কৰিব ৰবীন্দ্ৰ ভৱন । এই সম্পৰ্কে সদৰি কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ।

Press Meet Culture Minister Bimal Bara
ৰবীন্দ্ৰ ভৱন নতুন ৰূপত নিৰ্মাণ কৰা হ'ব
author img

By

Published : Jun 7, 2023, 7:22 PM IST

Updated : Jun 7, 2023, 7:39 PM IST

ৰবীন্দ্ৰ ভৱন নতুন ৰূপত নিৰ্মাণ কৰা হ'ব

গুৱাহাটী,৭ জুন: হাজাৰ হাজাৰ নাট্যপ্ৰেমীৰ স্মৃতি জড়িত ৰবীন্দ্ৰ ভৱন নতুন ৰূপ নিৰ্মাণ কৰা হ'ব (Rabindra Bhawan to be rebuilt)। অহা ৪ বছৰৰ ভিতৰত ন- ৰূপ পাব ৰবীন্দ্ৰ ভৱনে । গুৱাহাটী মহানগৰীৰ আমবাৰীত থকা কলা সংস্কৃতিৰ কেন্দ্ৰস্বৰূপ ৰবীন্দ্ৰ ভৱনক নতুন ৰূপত ৰাইজে দেখিবলৈ পাব । পুনৰ নিৰ্মাণৰ বাবে সম্পূৰ্ণ ৰূপে ভঙি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব । বুধবাৰে এই সন্দৰ্ভত মন্তব্য় আগবঢ়ায় সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ।

কেইবামাহ ধৰি মেৰামতিৰ বাবে ৰবীন্দ্ৰ ভৱন বন্ধ হৈ থকাৰ পিচতে চৰকাৰে উন্নত মানৰ প্ৰযুক্তিৰে ৰবীন্দ্ৰ ভৱন পুণৰ নিৰ্মাণ সন্দৰ্ভত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে । চৰকাৰে গ্ৰহণ কৰা সিদ্ধাৰ পিচতে মেৰামতিৰ কম বন্ধ কৰি দিয়ে । এই সম্পৰ্কে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই সংবাদ মাধ্যমৰ আগত কয় যে সাংস্কৃতিক জগতৰ বাবে সাহস আৰু প্ৰেৰণা ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণ (Press Meet Culture Minister Bimal Bara)। কলা সংস্কৃতিৰ বাবে পবিত্ৰ স্থান । এই পৰিত্ৰ স্থান বিজ্ঞান আৰু প্ৰযুক্তিৰ মাধ্যমেৰে অত্যাধুনিক ৰূপত গঢ়িবৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই পুনৰ কয় য়ে ৰবীন্দ্ৰ ভৱনটো কিদৰে নিৰ্মাণ কৰা হ'ব তাক লৈ শিল্পী সকলৰ সৈতে আলোচনাৰ প্ৰয়োজন আছে । ১০০ বছৰীয়া ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ চিন্তাত ত্ৰুটি নাথাকে তাৰ বাবে ব্যৱস্থা লোৱা হৈছে । শিল্পী সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তি সকলৰ পৰামৰ্শ বিচৰা বুলিও কয় সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ।

তেওঁ পুনৰ কয় যে নাট্যশিল্পী, নিৰ্দ্দেশক,পোহৰ শিল্পী,শব্দ শিল্পী বা অন্যান্য শিল্পী সকলে ব্যৱহাৰ কৰিব পৰাকৈ ৰবীন্দ্ৰ ভৱনটো ৰূপান্তৰ কৰিবৰ বাবে স্বনামধন্য শিল্পী সকলক লৈ এখন সমিতি গঠন কৰা হৈছে । তেওঁলোকৰ পৰামৰ্শ বিচাৰ বিশ্লেষণ কৰা হ'ব বুলি মন্তব্য কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই । চৰকাৰে ৪ বছৰৰ ভিতৰত ৰবীন্দ্ৰ ভৱনটো নিৰ্মাণ কৰিব পাৰিব নে নাই সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক:Complaint against Zubeen: কোনে কিয় জুবিন গাৰ্গৰ বিৰুদ্ধে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগত দিলে অভিযোগ

Last Updated : Jun 7, 2023, 7:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.