ETV Bharat / state

কৃষি আইনৰ বিৰুদ্ধে ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান

author img

By

Published : Sep 28, 2020, 3:35 PM IST

ৰাজ্যপালক সাক্ষাৎ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কংগ্ৰেছে কোনো কাৰণতে এই কৃষি বিৰোধী আইন মানি নোলোৱাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰে ৷ কংগ্ৰেছ সদায় কৃষকৰ পক্ষত আছে আৰু থাকিব বুলি প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ আনহাতে,SI কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই ৰিপুণ বৰায়ে ৷ বৰাই বিজেপি দলক তাচ্ছিল্যসূচকভাৱে “চুৰকেই চোৰ ধৰিব দিছে, ক’ত ধৰা পৰিব" বুলি সমালোচনা কৰে ৷

Memorundum given to Governor against farmers law guwahati assam etv bharat news
ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান

গুৱাহাটী,28 ছেপ্তেম্বৰ: শেহতীয়াকৈ আইনত পৰিণত হোৱা বিতৰ্কিত কৃষি বিল বাতিলৰ দাবীত সোমবাৰে ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ সোমবাৰে পুৱা মহানগৰীৰ চচলত বিলখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰু পৰৱৰ্তী সময়ত ৰাজ্যপালক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত যোৱা কংগ্ৰেছ দলটোত দেখা যায় বিধায়ক নুৰুল হুদাৰ লগতে অন্য তিনিগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা ৷

ৰাজ্যপালক সাক্ষাৎ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কংগ্ৰেছে কোনো কাৰণতে এই কৃষি বিৰোধী আইন মানি নোলোৱাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰে ৷ কংগ্ৰেছ সদায় কৃষকৰ পক্ষত আছে আৰু থাকিব বুলি প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ আনহাতে,SI কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই ৰিপুণ বৰায়ে ৷ বৰাই বিজেপি দলক তাচ্ছিল্যসূচকভাৱে “চুৰকেই চোৰ ধৰিব দিছে, ক’ত ধৰা পৰিব" বুলি সমালোচনা কৰে ৷

আনহাতে,এই কেলেংকাৰীৰ সন্দৰ্ভত দুগৰাকী বিধায়ক ক্ৰমে নাৰায়ণ ডেকা আৰু বিমল বৰাৰ নাম সাঙোৰ খাইছে ৷ তৎসত্বেও কিয় বিধায়ক দুগৰাকীক সোধ-পোছ কৰা হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে বৰায়ে । লগতে প্ৰদীপ কুমাৰক কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই বুলিও ৰিপুণ বৰাই মন্তব্য কৰে ৷ সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত হোৱা উচিত ৷ সমান্তৰালভাৱে আগন্তুক নিৰ্বাচন প্ৰসংগতো মন্তব্য প্ৰকাশ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷

ইফালে মিত্ৰতাৰ প্ৰসংগতো ৰিপুণ বৰাই কয় যে, মিত্ৰতা অবিহনে বিজেপিক পৰাভূত কৰাটো অসম্ভৱ ৷ নতুন দলৰ কাৰণে সদায়ে কংগ্ৰেছৰ দুৱাৰ খোলা আছে । বিজেপিক প্ৰতিহত কৰিবলৈ সকলো আঞ্চলিক শক্তি একেলগ হ’ব লাগিব ।

লগতে চাওকঃ কাৰ্বি আংলঙত 25 কোটি টকাৰ নিষিদ্ধ হেৰ'ইন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.