ETV Bharat / state

ৰাজ্যজুৰি উদযাপন পবিত্ৰ মে-ডাম মে-ফী

author img

By

Published : Jan 31, 2021, 7:15 PM IST

দেওবাৰে ৰাজ্যুজুৰি টাই আহোম সকলে পালন কৰিছে পবিত্ৰ মে-ডাম মে-ফি ৷ মহানগৰীৰ চুকাফা নগৰৰ নটব’মাতো কেন্দ্ৰীয়ভাৱে পালন কৰা হয় মে-ডাম মে-ফী ৷ নটব’মাত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কৰাৰ লগতে উদযাপন কৰা হৈছে মে-ডাম মে-ফী ৷

me-dam-me-fi-celebration-over-the-assam
ৰাজ্যজুৰি উদযাপন পবিত্ৰ মে-ডাম মে-ফী

গুৱাহাটী,31 জানুৱাৰী: আজি পবিত্ৰ মে-ডাম মে-ফি ৷ আহোম স্বৰ্গদেউ আৰু পুলিন পুঠাও সকলক উপাসনা কৰাৰ উদ্দেশ্যে ৰাজ্যজুৰি টাই আহোম সকলে পালন কৰিছে পবিত্ৰ মে-ডাম মে-ফী ৷ প্ৰতি বছৰৰ ৩১ জানুৱাৰীত পূৰ্বপুৰুষ আৰু মৃতকসকলক সমূহীয়কৈ পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনা কৰে টাই আহোমসকলে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ বৃহত্তৰ হেঙেৰাবাৰীতো টাই আহোম সকলে পালন কৰিলে মে ডাম মে ফি ৷ হেঙেৰাবাৰীত এইবাৰ পালন কৰা হৈছে ২৬ সংখ্যক মে ডাম মে ফী ৷ দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা মে-ডাম মে-ফীত বৃহত্তৰ হেঙেৰাবাৰীৰ টাই আহোম সম্প্ৰদায়ৰ লোক সকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ সমান্তৰালভাৱে মহানগৰীৰ চুকাফা নগৰৰ নটব’মাতো কেন্দ্ৰীয়ভাবে পালন কৰা হয় মে-ডাম মে-ফী ৷ নটব’মাত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কৰাৰ লগতে উদযাপন কৰা হৈছে মে-ডাম মে-ফী ৷

ৰাজ্যজুৰি উদযাপন পবিত্ৰ মে-ডাম মে-ফী

ইপিনে আহোম বুৰঞ্জীৰ অতি গুৰুত্বপূৰ্ণ স্থান শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ জিলা সমিতিৰ উদ্যোগত নিমাইজান, দৰিকাপাৰ হাতীমুৰীয়া, চেৰেকাপাৰ আৰু বেতবাৰীবাসী ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে 'মে-ডাম মে-ফী' ৷ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্ম্মাই কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ৷ উল্লেখ্য যে, মে-ডাম-মে-ফীত টাই আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে । এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ, সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচাৰে টাই আহোম সকলে ৷

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত শিৱসাগৰত 'মে ডাম মে ফী' পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.