ETV Bharat / state

বড়োভূমিৰ ৰাজনীতিত গাঁঠিতেই কেনা : বোকাত সোমাল মাৰ্চিডিজ বাছ - বিড়ম্বনাৰ যেন শেষেই

বিড়ম্বনাৰ যেন শেষেই নহ'ব বড়োভূমিৰ ৰাজনীতিৰ ! প্ৰথমে পৰিষদ গঠনৰ অংক নিমিলাৰ শংকাত হোটেল লিলিত 'লুকুৱাই' ৰখা হ'ল নৱ নিৰ্বাচিত পাৰিষদসকলক । এইবাৰ এখন বিলাসী বাছেৰে পাৰিষদসকল শপত গ্ৰহণৰ বাবে গুৱাহাটীৰ পৰা গৈ কোকৰাঝাৰত উপস্থিত হোৱাৰ পিছত লাগিল কেনা । অসমৰ বাট-পথৰ লগত অভ্যস্ত নোহোৱা বিলাসী মাৰ্চিডিজ বাছ লাগি ধৰিল বোকাত ।

বড়োভূমিৰ ৰাজনীতিত গাঠিতেই কেণাঃ বোকাত সোমাল মাৰ্চিডিজ বাছ

author img

By

Published : Dec 16, 2020, 9:12 PM IST

গুৱাহাটী, ১৬ ডিচেম্বৰ: হাগ্ৰামা মহিলাৰীয়ে ইউ পি পি এল বা বিজেপিৰ এম চি এল এক কিনি নিব পাৰে বুলি আশংকা কৰি মন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই গুৱাহাটীৰ হোটেল লিলিত 'লুকুৱাই' ৰখা নৱ নিৰ্বাচিত পাৰিষদসকলক কঠোৰ নিৰাপত্তাৰ মাজেৰে মঙলবাৰে এখন বিলাসী বাছেৰে গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ লৈ যোৱা হৈছিল শপত গ্ৰহণৰ বাবে । কিন্তু কেনা লাগিল বাছখন গৈ কোকৰাঝাৰৰ শপত গ্ৰহণ থলী পোৱাৰ পিছতহে । শপত গ্ৰহণথলীত গৈ পোৱাৰ পিছতে বিলাসী মাৰ্চিডিজ বাছখন বোকাত লাগি ধৰে ।

এফালে হাগ্ৰামাৰ আতংক, আনফালে বাছ সোমাল বোকাত । শপত গ্ৰহণ অনুষ্ঠানৰ পিছত পুনৰ একেখন বাছেৰে 'লুকুৱাই' ৰখা পাৰিষদসকলক গুৱাহাটীলৈ ঘূৰাই আনিব লাগে । বাছখনৰ চকাৰ বহু অংশ বোকাত সোমাই যায় । বহু চেষ্টাৰ পিছতো বাছ উঠি নহাত অৱশেষত বেলেগ এখন বাছেৰেহে এইসকল পাৰিষদক ঘূৰাই অনা হ'ল গুৱাহাটীলৈ । বাছৰ দুৰ্দশা দেখি প্ৰশ্ন উঠিছে মাৰ্চিডিজ লাগি ধৰাৰ দৰে প্ৰমোদ বড়োৰ পৰিষদো কৰ’বাত লাগি নধৰেতো !

লগতে পঢ়ক:হাগ্ৰামাৰ ভয়ত লিলিত আৱদ্ধ ২২ নৱ নিৰ্বাচিত পাৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.