ETV Bharat / state

মোগল কোন? সংবাদমেলত কি ক'লে মমিনুল আৱালে

author img

By

Published : Oct 16, 2020, 4:54 PM IST

মাদ্ৰাছা বন্ধ কৰা প্ৰসংগত মমিনুল আৱালে কয় যে অসম বিধানসভাত কোৱা নাই মাদ্ৰাছা বন্ধ হ'ব বুলি ৷ মাদ্ৰাছা স্কুল বিলাক বন্ধ কৰিবৰ বাবেহে সিদ্ধান্ত লোৱা হৈছে আৰু সেই সিদ্ধান্ত কাৰ্যকৰীকৰণৰ দিশত আগবাঢ়িছে চৰকাৰ ৷

manimul-awal-press-meet
মোগল কোন? সংবাদমেলত কি ক'লে মমিনুল আৱালে

গুৱাহাটী, 16 অক্টোবৰ : গুৱাহাটীৰ ভেটাপাৰাস্থিত কাৰ্যালয়ত শুকুৰবাৰে এক সংবাদমেল অনুষ্ঠিত কৰে বিজেপিৰ সংখ্যালঘু কোষৰ নেতা মমিনুল আৱালে ৷ মুখ্যমন্ত্ৰীয়ে ৰাজ্যত এতিয়াও মোগলৰ আক্ৰমণ চলি আছে বুলি কৰা মন্তব্যক লৈ এই সংবাদমেল ৷ তেওঁ কয় যে,মোগল ৰকিবুল হুছেইনো হ'ব পাৰে অথবা ৰিপুন বৰাও হ'ব পাৰে ৷ কৃষক মুক্তিৰ কোনো নেতাও হ'ব পাৰে মোগল ৷ যিয়ে অসমীয়া ভাষা,সংস্কৃতি,পৰম্পৰাৰ বিৰুদ্ধে অৱস্থান কৰি এক সন্ধি পাতিছে সেই শক্তিটোৱেই মোগল বুলি মন্তব্য কৰে মমিনুল আৱালে ৷ মুখ্যমন্ত্ৰীয়ে কোৱা মোগলৰ আক্ৰমণ কথাষাৰক কংগ্ৰেছ,এ আই ইউ ডি এফ আৰু বামপন্থী ৰাজনৈতিক শক্তিৰ লগতে এচাম ব্যক্তিয়ে এক ধৰ্মীয় ৰহণ সানিব খুজিছে তথা ইয়াৰ যোগেদি আগন্তুক ২১ৰ নিৰ্বাচনত সংখ্যালঘুৰ ভোট লাভৰ বাবে বিৰোধীৰ এই চক্ৰান্ত বুলি অভিযোগ উত্থাপন কৰে মমিনুল আৱালে ৷

উল্লেখ্য যে,মাদ্ৰাছা বন্ধ কৰা প্ৰসংগত মমিনুল আৱালে কয় যে অসম বিধানসভাত কোৱা নাই মাদ্ৰাছা বন্ধ হ'ব বুলি ৷ মাদ্ৰাছা স্কুল বিলাক বন্ধ কৰিবৰ বাবেহে সিদ্ধান্ত লোৱা হৈছে আৰু সেই সিদ্ধান্ত কাৰ্যকৰীকৰণৰ দিশত আগবাঢ়িছে চৰকাৰ ৷

লগতে পঢ়ক: বিশ্ব খাদ্য দিৱস আৰু নজনা বহু কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.