নিউজ ডেস্ক,27ফেব্ৰুৱাৰীঃ ৰাজ্যত পুনৰ গা কৰি উঠিছে মহামাৰী কৰ’ণা ভাইৰাছ ৷ প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৷ পূৰ্বৰ তুলনাত কিছু ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গৈছে ভাইৰাছবিধৰ লক্ষণ ৷ আশংকা কৰা হৈছে পুনৰ লক ডাউনৰ ৷ অঞ্চল ভিত্তিত ঘোষণা কৰা হৈছে কনটেইনমেণ্ট জ’ন ৷
-
Revised SoP on #Covid19 as on 26/02/2021. pic.twitter.com/T94Zymn0XJ
— NHM_Assam (@nhm_assam) February 27, 2021 " class="align-text-top noRightClick twitterSection" data="
">Revised SoP on #Covid19 as on 26/02/2021. pic.twitter.com/T94Zymn0XJ
— NHM_Assam (@nhm_assam) February 27, 2021Revised SoP on #Covid19 as on 26/02/2021. pic.twitter.com/T94Zymn0XJ
— NHM_Assam (@nhm_assam) February 27, 2021
কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিটো ৰে'ল ষ্টেচন আৰু বিমানবন্দৰত পুনৰ বাধ্যতামূলক কৰা হৈছে কৰ’ণাৰ পৰীক্ষা ৷ এই সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰিছে এক নিৰ্দেশনা ৷ ১ মাৰ্চৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা ৷ চৰকাৰৰ তৰফৰ পৰা পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত এই ব্যৱস্থা বাহাল থাকিব ।
লগতে পঢ়কঃ ধুবুৰীৰ বাহিৰ শালমাৰাত ভয়ংকৰ অগ্নিকাণ্ড