গুৱাহাটী, ২২ অক্টোবৰ : লোকসভা নিৰ্বাচনত লুৰীণজ্যোতি গগৈক এ আই ইউ ডি এফে (AIUDF) সমৰ্থন আগবঢ়োৱা প্ৰসংগত শনিবাৰে অসম জাতীয় পৰিষদৰ (Assam Jatiya Parishad) সভাপতি লুৰীণজ্যোতি গগৈয়ে গুৱাহাটীত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Lurinjyoti Gogoi reacts on AIUDF comments) ।
উল্লেখযোগ্য যে শেহতীয়াকৈ বদৰুদ্দিন আজমলে (Badaruddin Azmal) লোকসভা নিৰ্বাচনত (Lok Sabha election 2024) লুৰীণজ্যোতি গগৈক এ আই ইউ ডি এফে সমৰ্থন আগবঢ়াব বুলি ৰাজহুৱা মন্তব্য কৰিছিল । এ আই ইউ ডি এফৰ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি লুৰীণজ্যোতি গগৈয়ে কয়, "অতি সাম্প্ৰদায়িক এজেণ্ডা লৈ এইধৰণৰ মন্তব্য দিছে এ আই ইউ ডি এফে । বিজেপিৰ শ্ৰুতলিপি মতেই এ আই ইউ ডি এফ চলি আছে (AIUDF hear dictation of BJP) । অমিত শ্বাহ (Amit Shah) অসমলৈ আহি মিছন-১২ বুলি কৈছিল । অৰ্থাৎ মিছন-১৪ বুলি কোৱা নাই । কাৰণ দুখন আসন বিজেপিয়ে এ আই ইউ ডি এফক এৰি দিছে ।"
লুৰীণজ্যোতি গগৈয়ে লগতে কয়, "বদৰুদ্দিন আজমল অসমীয়া জাতিৰ শত্ৰু । বদৰুদ্দিন আজমল বিজেপিৰ সঞ্জীৱনী সুধা । এ আই ইউ ডি এফে অসম জাতীয় পৰিষদক সমৰ্থন দিবলৈ সাহস ক'ত পালে বুলি প্ৰশ্ন কৰি লুৰীণজ্যোতি গগৈয়ে কয়, বদৰুদ্দিন আজমলে বিজেপিৰ সৈতে সন্মিলিতভাৱে এজেণ্ডা প্ৰস্তুত কৰে । বিজেপিৰ এজেণ্ট হৈছে এ আই ইউ ডি এফ দল (Lurinjyoti Gogoi reacts on AIUDF comments) ।"
অসমৰ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ বাবে এ আই ইউ ডি এফে এই মন্তব্য কৰা বুলিও গুৰুতৰ অভিযোগ লুৰীণজ্যোতিৰ । আনহাতে, লোকসভাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ স্থিতি কি হ'ব সেই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে এই বিষয়ে দলৰ মজিয়াত আলোচনা হ'ব ।
আগন্তুক দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয় যে অজাপই এই নিৰ্বাচনত দুগৰাকী প্ৰাৰ্থী দিছে । আনহাতে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত (APSC exam question paper controversy) অসমীয়া বিষয়ৰ প্ৰশ্নকাকত বাধ্যতামূলক নকৰাৰ কেবিনেটৰ সিদ্ধান্তৰ ওপৰত ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে জাতীয় জীৱনৰ প্ৰতি হঠকাৰী সিদ্ধান্ত লৈছে বিজেপি নেতৃত্বাধীন চৰকাৰে । এয়া অসমীয়া ভাষাৰ প্ৰতি অপমান ।
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এতিয়া বাহিৰৰ প্ৰাৰ্থীয়েও পৰীক্ষা দিব পাৰিব । এয়া অসমৰ নিৱনুৱা যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ প্ৰতিও এক ভাবুকি বুলি তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক :PM Modi picture : কেদাৰনাথ মন্দিৰৰ বাহিৰত তোলা প্ৰধানমন্ত্ৰী মোডীৰ ফটোক লৈ বিতৰ