ETV Bharat / state

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি বিৰোধী ঐক্যৰ মূল নিৰ্বাচনী ইছ্যু: লুৰীণজ্যোতি গগৈ - Lurin Jyoti Gogoi slams Assam CM

বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত হৈছে । সেয়া শীঘ্ৰেই প্ৰকাশ কৰা হ'ব । সংবাদমেলত এই মন্তব্য অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

Lurin Jyoti Gogoi press conference
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি বিৰোধী ঐক্যৰ মূল নিৰ্বাচনী ইছ্যু; লুৰীণজ্যোতি গগৈ
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 8:15 PM IST

বিৰোধী ঐক্য মঞ্চৰ সংবাদমেলত মুখ্যমন্ত্ৰীক সমালোচনা লুৰীণজ্যোতি গগৈৰ

গুৱাহাটী, ১৭ নৱেম্বৰ : হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তথা পৰিয়ালৰ দুৰ্নীতি, ছিণ্ডিকেটৰাজ, কেলেংকাৰী, কমিছনৰাজেই হ'ব বিৰোধী ঐক্যৰ মূল নিৰ্বাচনী ইছ্যু । এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ । শুকুৰবাৰে মহানগৰীৰ ৰাজধানী মছজিদস্থিত হোটেল বৰাকত অনুষ্ঠিত হয় বিৰোধী দলসমূহৰ এক বৈঠক । ইয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, অখিল গগৈকে আদি কৰি বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো দলৰ সভাপতিসকল উপস্থিত থাকে ।

বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চই ক'ত, কেনেদৰে, কি ইছ্যু লৈ ৰাইজৰ মাজলৈ যাব সেই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । বৈঠকৰ অন্তত বিৰোধী ঐক্য মঞ্চৰ হৈ লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমক সম্বোধন কৰে । তেওঁ কয় যে বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী পৰিয়ালৰ সম্পত্তিৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত হৈছে । সেয়া শীঘ্ৰেই প্ৰকাশ কৰা হ'ব । তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী দলসমূহৰ ন্যূনতম উমৈহতীয়া আঁচনি প্ৰস্তুত কৰা হৈছে । ইয়াৰ ৰূপৰেখা ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগা বৈঠকত চূড়ান্ত হ'ব ।

১৪ টা সমষ্টিতে বিৰোধীয়ে সমিলমিলেৰে নিৰ্বাচন খেলিব বুলিও তেওঁ উল্লেখ কৰে । অৱশ্যে কোনে ক'ত নিৰ্বাচন খেলিব, কোন দলে কিমানখন আসনত খেলিব সেই সন্দৰ্ভত এতিয়াও আলোচনা কৰা হোৱা নাই বুলি তেওঁ জনায় । অসম জাতীয় পৰিষদৰ সভাপতিৰাকীয়ে বিৰোধী ঐক্য সন্দৰ্ভত কয় যে এতিয়া দল মুখ্য নহয়, তেওঁলোকৰ লক্ষ্য হৈছে নিৰ্বাচনত জয়ী হোৱাটো ।

আনহাতে, ২০২৪ চনৰ নিৰ্বাচনত ধুমুহাৰ সৃষ্টি হ'ব বুলিও তেওঁ ইংগিত প্ৰদান কৰে । ইফালে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতিয়ে বিৰোধী ঐক্য মঞ্চৰ নিৰ্বাচনৰ মূল ইছ্যু হ'ব বুলি তেওঁ উল্লেখ কৰে । লগতে বিজেপিয়ে ১২ খন আসন লাভ কৰিব বুলি কৰা দাবী প্ৰসংগত গগৈয়ে কয় যে বিজেপিয়ে কিমান আসন পাব, সেয়া এতিয়াই দাবী কৰি লাভ নাই । এতিয়া ভোটাৰ ৰাইজ কাৰ সৈতে আছে সেয়া মুখ্যমন্ত্ৰীৰ ফেচবুক পেজ চালে গম পাব ।

আজমলক সাম্প্ৰদায়িক ঢাল হিচাপে ব্যৱহাৰ কৰিছে বিজেপিয়ে । কিন্তু সেয়া কামত নাহিব বুলি উল্লেখ কৰে অজাপৰ সভাপতিগৰাকীয়ে । লগতে এয়া বিজেপিৰ ষড়যন্ত্ৰ বুলিও তেওঁ কয় । আনহাতে, মুখ্যমন্ত্ৰীয়ে বিৰোধী ঐক্য মঞ্চত এজেণ্ট সুমুৱাবলৈ চেষ্টা কৰি থকাৰো অভিযোগ কৰে লুৰীণজ্যোতি গগৈয়ে । মুখ্যমন্ত্ৰী যিকোনো পৰ্যায়লৈ যাব পাৰে । সেয়ে আমিও দৃষ্টি ৰাখিছোঁ বুলি এক গুৰুতৰ মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে ।

লগতে পঢ়ক :প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক হেমেন দাস আৰু নাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.