গুৱাহাটী, ১১ এপ্ৰিল : পাঁচদিনীয়া ভ্ৰমণসূচীৰে অসমত বাহৰ পাতি থকা লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সোমবাৰে বিয়লি কামাখ্যা দেৱালয়ত উপস্থিত হৈ পূজা অৰ্চনা আগবঢ়ায় (Lok Sabha Speaker visit Kamakhya temple)। দীঘলীয়া সময়জুৰি কামাখ্যাত উপস্থিত থাকি লোকসভাৰ অধ্যক্ষগৰাকীয়ে কেৱল মা কামাখ্যালৈ সেৱা আগবঢ়োৱাই নহয়, সমগ্ৰ চৌহদটোও পৰিভ্ৰমণ কৰে । নীলাচল পাহাৰৰ সৌন্দৰ্য আৰু কামাখ্যা দেৱালয়ৰ পবিত্ৰতাত অভিভূত হৈ পৰে লোকসভাৰ অধ্যক্ষগৰাকী ।
![Lok Sabha Speaker visit Kamakhya temple in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-07-om-birla-visited-kamakhya-7206058_11042022212800_1104f_1649692680_993.jpg)
পূজা অৰ্চনা আগবঢ়োৱাৰ অন্তত তেওঁ কামাখ্যা মন্দিৰৰ আশে পাশে থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৈতেও বাৰ্তালাপ কৰি তেওঁলোকৰ সুবিধা অসুবিধাৰ বুজ লয় । উল্লেখযোগ্য যে, কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ'চিয়েছনৰ সন্মিলনত ভাগ ল'বলৈ বুলি ৮ এপ্ৰিলৰ নিশা গুৱাহাটীত আহি উপস্থিত হৈছিল লোকসভাৰ অধ্যক্ষ গৰাকী । ৯ এপ্ৰিলত কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ'চিয়েছনৰ মধ্যকালিন সন্মিলন উদ্বোধন কৰাৰ পিছত দেওবাৰে তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো ভ্ৰমণ কৰে ।
![Lok Sabha Speaker visit Kamakhya temple in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-07-om-birla-visited-kamakhya-7206058_11042022212800_1104f_1649692680_206.jpg)
ইফালে, সোমবাৰে পুৱা লোকসভাৰ অধ্যক্ষগৰাকীয়ে ইণ্ডিয়ান কমনৱেল্থ এছ'চিয়েছনৰ সন্মিলন উদ্বোধন কৰে । মঙলবাৰেও অনুষ্ঠিত হ'ব এই সন্মিলন । মঙলবাৰে এই সন্মিলনত ভাগ লোৱাৰ পিছতে পাঁচদিনীয়া ভ্ৰমণসূচী সামৰি সন্ধিয়া তেওঁ দিল্লীলৈ ৰাওনা হ'ব লোকসভাৰ অধ্যক্ষ ওম বিৰলা।
লগতে পঢ়ক : Om Birla in Guwahati: পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত লোকসভাৰ অধ্যক্ষ